মুকালমুৱাত বৰক্ষেত্ৰী সমষ্টিৰ ভিত্তিত খেল মহাৰণ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:25 PM IST

thumbnail

নলবাৰী, ২৯ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো পূৰ্ণ গতিত চলিছে ৰাজ্য চৰকাৰৰ খেল মহাৰণ । ক্ৰীড়াৰ ক্ষেত্ৰত শিক্ষাৰ্থী সকলক আগুৱাই নিবলৈ চৰকাৰৰ খেল মহাৰণৰ আজি নলবাৰীত তৃতীয় দিন । আজি তৃতীয় দিনা মুকালমুৱাত খেল মহাৰণ ২০২৩ৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । নলবাৰী জিলা প্ৰশাসন আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত মুকালমুৱাৰ দেশভক্ত ময়দানত খেল মহাৰণ ২০২৩ৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ।  

এই প্ৰতিযোগিতাখনত বৰক্ষেত্ৰী সমষ্টিৰ ১৯ খন গাঁও পঞ্চায়তৰ পঞ্চায়ত পৰ্যায়ত নিৰ্বাচিত হোৱা খেলুৱৈ সকলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখন উদ্বোধন কৰে GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই । জীৱনত সকলো পৰ্যায়ত উন্নতি হ'বলৈ হ'লে খেল অপৰিহাৰ্য্য বুলি কয় GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই । এই অনুষ্ঠানটোত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকাই ৷

খেল মহাৰণ ২০২৩ৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখনত খেলুৱৈ সকলে ফুটবল, ভলীবল আদিকে কৰি বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে । আজিৰ এই সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত নিৰ্বাচিত খেলুৱৈ সকলে পৰৱৰ্তী সময়ত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:গছ কাটি উৰণ সেতু নিৰ্মানৰ বিৰোধিতা, শিক্ষাৰ্থীয়েও দিলে চৰকাৰক পৰামৰ্শ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.