Majuli Nimati ferry service: মাজুলীৰ অফলামুখ-নিমাতী পাৰঘাটত যাত্ৰীৰ বোন্দাপৰ !

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 11:15 AM IST

thumbnail

মাজুলী,11 ছেপ্টেম্বৰ : ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে মাজুলীৰ অফলামুখ-নিমাতি ঘাটেৰে যাত্ৰা কৰা যাত্ৰীৰ । এইবাৰ ফেৰী সেৱা বন্ধৰ বাবে যাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই । এইবাৰ ফেৰীৰ অভাৱৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে অফলামুখ-নিমাতী পাৰঘাটত । আফলামুখ-নিমাতীৰ মাজত চলাচল কৰা এখন ফেৰী বিগত তিনি ধৰি বন্ধ হৈ আছে ।  

জানিব পৰা মতে ফেৰীখন মেৰামতি কৰি থকাৰ বাবে বন্ধ ৰখা হৈছে । ইফালে বিগত দুমাহে ধৰি বন্ধ হৈ আছে এম ভি ৰাণী গাইদালো নামৰ ৰ'পেক্স খনো । অন্য এখন চৰকাৰী ফেৰী ৰাজলক্ষ্মী বিগত প্ৰায় আঠ মাহ ধৰি বন্ধ । আজিৰ তাৰিখত আফলামুখ-নিমাতিৰ মাজত চলাচল কৰা তিনিখন ফেৰী বন্ধ হৈ আছে । এই ফেৰীসমূহ চলাচল নোহোৱাৰ ফলত এক ঘণ্টা মূৰে মূৰে চলি থকা ফেৰী সেৱা এতিয়া 2-3 ঘণ্টা ধৰি ঘাটত অপেক্ষা কৰিব লগা হৈছে যাত্ৰীসকল । যাৰ ফলত যাত্ৰীসকল অফলামুখ ঘাটৰ পৰা উভতি যাব লগা হৈছে । 

লগতে পঢ়ক:Nimatighat Ferry accident : দুবছৰ সম্পূৰ্ণ হ'ল নিমাতী নাও দুৰ্ঘটনাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.