Nimatighat Ferry accident : দুবছৰ সম্পূৰ্ণ হ'ল নিমাতী নাও দুৰ্ঘটনাৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 1:44 PM IST

thumbnail

মাজুলী, 8 ছেপ্টেম্বৰ : আজি অভিশপ্ত 8 ছেপ্টেম্বৰ । আজিৰ দিনটোতে সংঘটিত হৈছিল নিমাতী ফেৰী দুৰ্ঘটনা । যি ফেৰী দুৰ্ঘটনাই সমগ্র ৰাজ্য জোঁকাৰি গৈছিল । 2021 চনৰ আজিৰ দিনটোতে নিমাতীৰ নাও দুৰ্ঘটনাত মৃত্যু হৈছিল তিনিগৰাকীকৈ প্ৰতিভাৱান লোকৰ । এই ভয়াৱহ ফেৰী দুৰ্ঘটনাত নিহত হৈছিল মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পৰিমিতা দাস, গড়মূৰ জিলা চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা আৰু লক্ষীমপুৰৰ শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ । 

2021 বৰ্ষৰ নিমাতীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাত নিহত ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতা দাসক সুঁৱৰি মহাবিদ্যালয়ৰ তৰফৰ পৰা মহাবিদ্যালয় খনত শুকুৰবাৰে অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যপিকাসকলৰ লগতে শিক্ষাৰ্থীসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে । ঘটনাৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী তোলে অনুষ্ঠানত উপস্থিত আটায়ে ।

লগতে পঢ়ক: Tribute to Bhupen Hazarika: গীতৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.