অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন - Assam State Journalists Association

By ETV Bharat Assamese Team

Published : May 10, 2024, 8:39 PM IST

thumbnail
সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন (ETV BHARAT ASSAM DESK)

শিৱসাগৰ, 10 মে’ : শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷  

এই দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰ পাচতে মুকলি সভা, বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় ৷

এই সভাত আসাম ত্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া ট্ৰাষ্টৰ অধ্যক্ষ, বিশিষ্ট সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱাক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত নাজিৰাৰ বিশিষ্ট সাংবাদিক বীৰেন্দ্ৰ শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা সন্থাৰ মুখপত্ৰ 'জাগ্ৰত প্ৰহৰী' উন্মোচন কৰে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ড৹ প্ৰতিম শৰ্মাই ৷ 

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ ঐতিহাসিক ফাটবিহু : জাত জাত বিহুনামৰ ধ্বনিৰে মুখৰিত ম’হঘূলি চাপৰি - Phata Bihu In Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.