পবিতৰা অভয়াৰণ্যত অস্ত্ৰসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ - Poacher arrested in Pobitora

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:57 PM IST

thumbnail
গঁড় হত্যাৰ ষড়যন্ত্ৰ (ETV BHARAT ASSAM)

মৰিগাঁও,১০ মে’ : পবিতৰা অভয়াৰণ্যত গঁড় হত্যাৰ ষড়যন্ত্ৰ চলোৱা চোৰাং চিকাৰীক মৰিগাঁও আৰক্ষীয়ে ৰাইফল আৰু সক্ৰিয় গুলীসহ আটক কৰিবলৈ সক্ষম হয় । যোৱা নিশা পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাই চোৰাংচিকাৰী এটাক গ্ৰেপ্তাৰ কৰে । এই অভিযানকালত মাৰণাস্ত্ৰসহ চোৰাংচিকাৰীটো আৰক্ষীৰ জালত পৰে । ধৃত চোৰাং চিকাৰীটোৰ নাম আব্দুল খালেক । আৰক্ষীয়ে চোৰাং ধৃত চোৰাং চিকাৰী আব্দুল খালেকৰ জিম্মাৰ পৰা এটা 303 ৰাইফলৰ লগতো ১২ জাঁই সক্ৰিয় গুলী, এটা 7.65 পিষ্টল আৰু ৭ জাঁই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।  

পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গৰুমৰাদলনি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চোৰাং চিকাৰীটোৰ ঘৰ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰী গাঁৱত । অৱশ্য়ে নিশা মৰিগাঁও আৰক্ষী আৰু পবিতৰা অভয়াৰণ্যৰ বনৰক্ষী দলে অভিযান চলাই থকাৰ উমান পাই কেইবাটাও চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয় । ইয়াৰ পিচতেই সমগ্ৰ অঞ্চলজুৰি বনবিভাগ আৰু মৰিগাঁও আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক:পেট্ৰ’লিং দিবলৈ গৈ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰিলে মৃত গঁড় - Assam One Horned Rhino

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.