Tribute to Bhupen Hazarika: গীতৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 12:50 PM IST

thumbnail

ডিব্ৰুগড়, 8 ছেপ্টেম্বৰ:  আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 তম জন্মদিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্মদিন অনুষ্ঠিত কৰিছে ৰাজ্যবাসীয়ে । ৰাজ্যবাসীৰ লগতে সুধাকন্ঠৰ পৱিত্ৰ জন্মদিনত সুধাকণ্ঠক সোঁৱৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । চিৰযুগমীয়া গীতেৰে সুধাকণ্ঠক স্মৰণ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে ।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে এটাৰ পিচত আন এটা গীত গুণগুণালে সংবাদ মাধ্যমৰ আগত ৷ প্ৰয়াত শিল্পীগৰাকীৰ সৃষ্টিৰাজিক সুঁৱৰি নষ্টালজিক হৈ পৰে  ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ ইয়াৰোপৰি, গীতৰ মাজে মাজে কৈ গ'ল সুধাকণ্ঠৰ সৈতে লাভ কৰা বহু সান্নিধ্যৰ কথা । লগতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 সংখ্যক জন্মদিনতে ডিব্ৰুগড় বিমানবন্দৰক সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা নামেৰে নামাকৰণ কৰিবলৈ চৰকাৰলৈ দাবী জনায় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ ।

লগতে পঢ়ক: Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.