ETV Bharat / state

Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:46 AM IST

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি ওপজা দিন ৷ ভাৰত ৰত্নগৰাকীৰ ওপজা দিন উপলক্ষে ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এই চেগতে আহকচোন মনত পেলাওঁ ড৹ ভূপেন হাজৰিকাৰ কেইটামান জাতিক জগোৱা গান...

Tribute to Bhupen Hazarika
A tribute to Bharat Ratna Bhupen Hazarika

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 97 সংখ্যক ওপজা দিৱস ৷ 1926 চনত শদিয়াত জন্মলাভ কৰা ভূপেন হাজৰিকাই 2011 চনত আমাক চিৰদিনৰ বাবে এৰি যায় ৷ কিন্তু 85 বছৰীয়া জীৱন পৰিক্ৰমাত ড৹ ভূপেন হাজৰিকাই অসমীয়া সমাজ তথা কলা জগতলৈ যি বৰঙণি আগবঢ়াই গ’ল সেয়া কেইটামান শব্দৰে বৰ্ণনা কৰিব পৰা পৰিসৰৰ নহয় ৷ তেওঁৰ গীতসমূহ, তেওঁৰ কণ্ঠৰে নিগৰি অহা শব্দ আজিও অসমীয়া মানুহৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে ৷ গীত, কবিতা, বোলছবি আদিৰ যোগেদি সমাজলৈ তেওঁ প্ৰেৰণ কৰিছিল যোগাত্মক বাৰ্তা ৷ জনতাক আহ্বান জনাইছিল জাগি উঠিবলৈ ৷ ভূপেন হাজৰিকাৰ তেনে কেইটামান গীত আজি এই ওপজা দিনত মনত পেলাওঁ আহক...

1. মানুহে মানুহৰ বাবে

‘‘মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে; অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া...’’ সুধাকণ্ঠ এই গীতটি নুশুনা অসমীয়া মানুহ হয়তো নোলাব ৷ বৰ্তমান প্ৰায় আত্মকেন্দ্ৰিকতাৰ দিশে গতি কৰা সমাজখনৰ বাবে তেতিয়াই ভূপেন হাজৰিকাই ৰচনা কৰা এই গীতটিয়ে বাৰ্তা বহন কৰি আহিছে ৷ সমাজপ্ৰিয় জীৱ হিচাপে মানুহ এজন আনজনৰ সহায় হোৱাতো অৱশ্যেই দৰকাৰী ৷ কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে, কাৰো যেন কাৰোৰে বাবে ভাবিবলৈ আহৰি নাই ৷ অতি সাধাৰণ কথাতে মানুহে আজি-কালি হিংসাৰ আশ্ৰয় লয়, মানুহক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷ দুৰ্বল শ্ৰেণীৰ ওপৰতো ভিন্ন সময়ত একাংশৰ শোষণ চলি অহা দেখা গৈছে ৷ এই গীতটিৰ দ্বাৰাই ড৹ হাজৰিকাই মানৱ সমাজক তথা অসমীয়া জাতিক আহ্বান জনাইছিল মানুহমুখী হ’বলৈ ৷

2. বৰদৈচিলা নে সৰুদৈচিলা নে

ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ সমাজক জগাই তুলিব পৰা আন এটি গীত হৈছে ‘‘বৰদৈচিলা নে সৰুদৈচিলা নে অসমৰ আকাশত বৰ বৰ চিলা...’’ গীতটিত যেন বৰ্তমানৰ সমাজ ব্যৱস্থাৰ কথাকেই বুজাই জাতিটোক জাগ্ৰত হ’বলৈ সকীয়াই দি গৈছে সুধাকণ্ঠই ৷ দুৰ্নীতি, ভ্ৰষ্টাচাৰেৰে কেউফালৰ পৰা আগুৰি ধৰি গ্ৰাস কৰিব খোজা সমাজখনৰ কথা অতি সাৱলীলভাৱে বৰ্ণনা কৰিছে এই গীতত ৷ তাৰোপৰি আজি ঘৰতেই নিজৰ অধিকাৰৰ বাবে যুঁজ দিব লগীয়া হোৱা অসমীয়া জাতিক সময় থাকোতেই সজাগ হ’বলৈও তেওঁ কৈ গৈছে ৷ ‘‘মূৰৰ ফুলাম গামোচাখনি কোনোবা শেনে নিলেহি টানি’’ এই বাক্যৰ সংযোজনেৰে অসমীয়াক বঞ্চনা কৰি অহা শ্ৰেণীটোকেই যেন বুজাই গৈছে ড৹ হাজৰিকাই ৷

3. তপ্ত তীখাৰে অগ্নি শক্তি

‘‘তপ্ত তীখাৰে অগ্নি শক্তি ৰক্তবৰ্ণে জ্বলে এ’ জ্বলিলে...’’’ এই গীতটি শুনি কাৰনো বুকুত জাগি নুঠিব দেশপ্ৰেম ৷ নিজ নিজ ক্ষুদ্ৰ স্বাৰ্থ এৰি এখন সুস্থ সমাজ গঢ়িবৰ বাবে ৰাইজক ওলাই আহিব এই গীতৰ জৰিয়তেই তেওঁ আহ্বান জনাই গৈছে ৷ শোষক শ্ৰেণীক নিপাত কৰি শোষিত-নিস্পেষিতসকলৰ চকুলো মচিবৰ বাবে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ ইয়াত দেখা গৈছে ৷

5. আকৌ যদি যাব লাগে শৰাইঘাটলৈ

শৰাইঘাটৰ ৰণৰ বিষয়ে আমি সবেও জ্ঞাত ৷ শৰাইঘাটৰ ৰণ কেৱল আহোম আৰু মোগলৰ মাজত হোৱা এখন যুদ্ধ নহয় ৷ এটা আক্ৰমণকাৰীৰ জাতিৰ পৰা এখন প্ৰদেশক ৰক্ষা কৰি অসমীয়াই পৰাক্ৰমৰ চানেকি খোদিত কৰি যোৱা এক জীয়া ইতিহাস ৷ পুনৰ যদি প্ৰয়োজন হয় এনেদৰে মাৰ বান্ধি ওলাই অহাৰ বাবে অসমীয়া ডেকাক পিচপৰি নৰ’বলৈ তেওঁ আহ্বান জনাইছে ৷ অসমৰ ডেকা যে অদম্য সাহসৰ গৰাকী তাক সোঁৱৰাই দি দেশ তথা জাতি ৰক্ষাৰ হেতু শংকা নকৰিবলৈ তেওঁ কৈ গৈছে গীতটিৰ জৰিয়তে ৷

4. আহ আহ ওলাই আহ সজাগ জনতা

এই গীতটি ভূপেন হাজৰিকাৰ সমাজ সচেতনতা সৃষ্টিকাৰী গীতৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰিব পাৰি ৷ ৰামৰ দেশত তথা ৰাৱণ আৰু ক’লা কাকতী ফৰিঙৰ সৈতে সমাজ তথা জাতিৰ ক্ষতিসাধনকাৰী সকলক তুলনা কৰি সেইসমূহ নিঃশেষ কৰাৰ বাবে ৰাইজক ওলাই আহিবলৈ তেওঁ এই গীতৰ জৰিয়তেই কৈ গৈছে ৷ লগতে সমুখৰ সেনাপতিজন থমকি জিৰালেও সেনানীসকলক থমকি নৰৈ আগুৱাই যোৱাৰ মন্ত্ৰণা তেওঁ দিছে ৷

6. তুমি নতুন পুৰুষ তুমি নতুন নাৰী

এই গীতটি নিশ্চয় সকলোৱেই এবাৰ হ’লেও শুনিছে ৷ নতুনক লৈ যথেষ্ট আশাবাদী আছিল ড৹ ভূপেন হাজৰিকা ৷ তেখেতৰ গীতত ইয়াৰ স্পষ্টতা ফুটি উঠে ৷ এই গীতত শোষকক দংশী এখন নতুন সমাজ গঢ় দিবলৈ তেওঁ আহ্বান জনাইছে নতুন যুগৰ তৰুণ-তৰুণীক ৷ নতুন পুৰুষ আৰু নতুন নাৰীক অনাগত ভৱিষ্যতৰ জাগ্ৰত প্ৰহৰী আখ্যা দিছে এই গীতৰ জৰিয়তেই ৷

7. নতুন পুৰুষ নতুন পুৰুষ

নৱ প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পৰা আন এটি সুধাকণ্ঠৰ গীত হৈছে ‘‘নতুন পুৰুষ নতুন পুৰুষ তুমিতো নোহোৱা ভীৰু কাপুৰুষ..’’ ৷ সুধাকণ্ঠই কৈ গৈছে যদি আজি পুৰুষ হ’বলৈ আমি নিশিকো বা আজি যদি আমি পুৰুষ নহওঁ অৰ্থাৎ সবল হৈ নুঠো কালিলৈ পুৰণি বা এলাগী হৈ পৰিব লাগিব ৷ সময়ৰ সৈতে খোজ মিলাই চলিবলৈ অসমীয়াক সবল হৈ উঠাৰ বাবে এনেৰেই আহ্বান জনাই গৈছে তেওঁ ৷

8. মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

গীতৰ জৰিয়তে বৰ লুইত বা ব্ৰহ্মপুত্ৰৰ বৰ্ণন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দৰে হয়তো আন কোনেও আজিলৈকে দিব পৰা নাই ৷ লুইতখনক তেওঁ সাহসৰ আকৰ, সমন্বয়ৰ প্ৰতীক হিচাপে উপস্থাপন কৰা দেখা যায় ৷ এই গীতত তেওঁ ভিন্ন স্থানৰ পৰা আহি অসম মুলুকত থিতাপি লোক মানুহবোৰৰ মাজত গঢ়ি উঠা একতা তথা ভাতৃত্ববোধক সুন্দৰভাৱে বৰ্ণনা কৰিছে ৷ আনৰ লগত জীণ যাবলৈ হ’লে কিছু দিবলৈ কিছু ল’বলৈও যে শিকিব লাগে সেই কথাও তেওঁ উল্লেখ কৰিছে ৷ বৰ্তমান জাতি-ধৰ্ম আদি বিষয়বোৰে পৃথক কৰিব খোজা অসমীয়া সমাজখনক একতাৰে বান্ধি ৰখাৰ মন্ত্ৰণা এই গীতৰ জৰিয়তেই তেওঁ দি গৈছে ৷

9. আমি অসমীয়া নহওঁ দুখীয়া

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সৃষ্টি আমি অসমীয়া নহওঁ দুখীয়া গীতটিৰ আলমত সুধাকণ্ঠই ৰচনা কৰা এই গীতটিয়ে অসমীয়া জাতিক যুগযুগান্তৰলৈ অনুপ্ৰাণিত কৰি ৰাখিব ৷ দুখীয়া নহওঁ বুলি গপত গংগাটোপ হৈ থাকিলে যে এদিন ভৰিৰ তলৰ মাটিকণো হেৰুৱাব লগা হ’ব সেই কথা উপলব্ধি কৰিয়েই হয়তো এইদৰে জাতিটোক সাৱধান কৰি গৈছে ড৹ হাজৰিকাই ৷ অসমীয়া জাতিয়ে যাতে নিজৰ প্ৰাপ্য, নিজৰ অধিকাৰৰ বাবে পৰমুখাপেক্ষী হ’ব লগীয়া নহয় সেই বাবে জীৱিত কালতে তেওঁ জাতিটোক সকীয়াই দিছে ৷

10. বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

পূৰ্বতেই আমি উল্লেখ কৰিছোঁ যে, সুধাকণ্ঠই গীতৰ জৰিয়তে লুইতক অসমীয়াৰ বুকুত চিৰধাৱমান কৰি গৈছে ৷ এই গীতটিৰ দ্বাৰা বিশৃংখলাই দেখা দিয়া তথা অনীতি-দুৰ্নীতি আদিয়ে খোপনি পোতা সমাজখনক ধুই নিকা কৰিবলৈ যেন বৰ লুইতক তেওঁ আহ্বান জনাইছে ৷ সকলো দেখিও নীৰৱে বৈ থকাৰ বাবে লুইতক নিৰ্লজ্জ বুলি অভিহিত কৰি তেওঁ যেন তুলনা কৰিছে সমাজৰ অৱক্ষয় দেখিও নিমাতে থকা লোকসকলৰ সৈতে ৷

এনে আৰু বহু গীত আছে, যাৰ দ্বাৰা সমাজক শুদ্ধভাৱে পৰিচালনা কৰিবলৈ, জাতিটোক সজাগ কৰিবলৈ চেষ্টা কৰিছিল সুধাকণ্ঠই ৷ অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে প্ৰতিজন অসমীয়াকে আগুৱাই আহি এই ধাৰাত নিজকে নিয়োজিত কৰাৰ আহ্বান জনাই গৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই ৷

লগতে পঢ়ক: Sikaar shooting start: জুবিনৰ নতুন ছবি চিকাৰৰ দৃশ্যগ্ৰহণ আৰম্ভ, চিকাৰত কি চৰিত্ৰত অভিনয় কৰিব জুবিনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.