ETV Bharat / state

Sikaar shooting start: জুবিনৰ নতুন ছবি চিকাৰৰ দৃশ্যগ্ৰহণ আৰম্ভ, চিকাৰত কি চৰিত্ৰত অভিনয় কৰিব জুবিনে ?

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:39 PM IST

ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত নতুন চলচ্চিত্ৰ ‘চিকাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত জুবিন গাৰ্গ ৷ চলচ্চিত্ৰখনত এজন চাহ বাগিচাৰ যুৱকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে জুবিনে ৷

Shooting of Zubeen Garg's new film Sikaar at Khowang Tea Estate in Dibrugarh
চিকাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত জুবিন গাৰ্গ
চিকাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত জুবিন গাৰ্গ

ডিব্ৰুগড়, ৭ ছেপ্টেম্বৰ: অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে শেহতীয়াকৈ নিজৰ এটা মন্তব্যৰ বাবে সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত ৷ অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি কৈছিল জুবিন গাৰ্গে । এই মন্তব্যৰ পিচতে একাংশই ছ’চিয়েল মিডিয়াত তেওঁক ট্ৰ’ল কৰা দেখা গৈছিল ৷ প্ৰায়ে নিজৰ মন্তব্যৰ বাবে চৰ্চাৰ বিষয় হৈ পৰে জুবিন গাৰ্গ ৷ এইবাৰ পুনৰ চৰ্চালৈ আহিছে শিল্পীগৰাকী ৷ অৱশ্যে এইবাৰ নিজৰ মন্তব্যৰ বাবে নহয় অন্য এটা কাৰণতে হে চৰ্চালৈ আহিছে জুবিন ৷ ৰাজনৈতিক বিতৰ্কৰ মাজতে এতিয়া পুনৰ এখন নতুন ছবিৰ সৈতে নিজৰ কৰ্মক্ষেত্ৰলৈ উভতি আহিছে জুবিন গাৰ্গ ৷

‘কাঞ্চনজংঘা’ৰ অভূতপূৰ্ব সফলতাৰ পাচতে "চিকাৰ"ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে জুবিন গাৰ্গে ৷ ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত দৃশ্যগ্ৰহণ চলিছে জুবিনৰ নতুন চিনেমা চিকাৰৰ ৷ বিগত কেইবাদিনো ধৰি খোৱাং চাহ বাগিচাত বাহৰ পাতি আছে জুবিন সহ প্ৰায় ১২৫ জনীয়া ইউনিটে ৷ দেবাংগ বুঢ়াগোহাঁইৰ পৰিচালনাৰে "চিকাৰ" চিনেমাখনৰ দৃশ্যগ্ৰহণ চলিছে খোৱাং চাহ বাগিচাৰ লগতে ৰাংচালী ৰেচম পামত ৷

এই ছবিখনত এজন চাহ বাগিচাৰ যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে জুবিনে ৷ নায়িকা হিচাপে জুবিনৰ লগত এইবাৰ প্ৰথমবাৰৰ বাবে দেখা যাব উদীয়মান অভিনেত্ৰী ধ্যানী মহনক ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ কন্যা ধ্যানীয়ে ইতিপূৰ্ৱে কেইবাখনো চুটি ছবি আৰু গীতত অভিনয় কৰিছে ৷ এই ছবিখনত অভিনয় কৰা দেখা যাব ‘বেহাৰবাৰী আউট পোষ্ট’ খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৷

মনকৰিবলগীয়া বিষয় যে এই ছবিখনত অসম তথা বলিউড আৰু হলিউডৰ কেইবাগৰাকীও অভিনেতাক অভিনয় কৰা দেখা যাব ৷ বলীউডৰ অভিনেতা প্ৰতীক দীক্ষিতক এই ছবিখনত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা দেখা ৷ ইফালে এই ছবিখনৰ ৩০ শতাংশ অসমত দৃশ্যগ্ৰহণ হোৱাৰ পাচতে বাকী ৭০ শতাংশ দৃশ্যগ্ৰহণ হ’ব লণ্ডনত ৷

জুবিনৰ মতে ৰোমান্স, একচন, থ্ৰীলাৰেৰে নিৰ্মিত চলচ্চিত্ৰখন অসমৰ দৰ্শকে চাই ভাল পাব ৷ চিনেমাখনত জুবিনৰ চৰিত্ৰটোৰ লগতে সকলোখিনিতে নতুনত্ব দেখিবলৈ পাব চলচ্চিত্ৰ প্ৰেমীসকলে ৷ এখন ভাল চিনেমা অসমৰ ৰাইজে চাবলৈ পাব বুলিও কয় জুবিন গাৰ্গে ৷

লগতে পঢ়ক: Kenny Basumatary: লোকেল কুংফুৰ জৰিয়তে জনপ্ৰিয় হোৱা কেনী বসুমতাৰীয়ে কেনেদৰে খোজ পেলাইছিল বলিউডত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.