হিমন্ত বিশ্বৰ তিনিবছৰীয়া চৰকাৰ : উন্নয়ন সন্দৰ্ভত ৰাইজৰ মতামত - 3rd Anniversary of HBS led BJP Govt

By ETV Bharat Assamese Team

Published : May 11, 2024, 7:33 AM IST

Updated : May 11, 2024, 9:52 AM IST

thumbnail
উন্নয়ন সন্দৰ্ভত ৰাইজৰ মতামত (ETV BHARAT ASSAM)

সৰুপথাৰ, ১১ মে’ : তিনি বছৰ সম্পূৰ্ণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ । কি পালে ৰাইজে, কিমান উন্নয়ন হ'ল ? এখন চৰকাৰৰ ক্ৰিয়া-কলাপ সন্দৰ্ভত ৰাজ্যৰ জনতাৰ থাকে ভিন্ন মত ৷ সকলোৰে বাবে উন্নয়নৰ মাত্ৰা বেলেগ বেলেগ ৷ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰীয় শাসনকালত কিমান পৰিৱৰ্তন হ'ল অসমৰ ৰাইজৰ মুখেৰেই জানো আহকচোন ৷

সৰুপথাৰ সমষ্টি ৷ সমষ্টিটোৰ ৰাইজে কি পালে, সৰুপথাৰত কিমান উন্নয়ন হ'ল ? কি কয় সৰুপথাৰৰ সাধাৰণ জনতাই জানো আহক ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচৰ পৰাই অসমত নিকাভাৱে ১ লাখ নিৱনুৱাক নিযুক্তি দিয়াৰ সমান্তৰালকৈ চৰকাৰখনে স্বাৱলম্বিতাৰ ভিন্ন আঁচনি প্ৰস্তুত কৰিছে সৰ্বসাধাৰণৰ বাবে । ইয়াৰোপৰি অসমৰ খিলঞ্জীয়াক মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । এয়া আমাৰ নহয়, সৰুপথাৰ সমষ্টিৰ জনতাৰ মতামত ৷

Last Updated : May 11, 2024, 9:52 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.