ETV Bharat / politics

হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও - 3rd Anniversary of HBS led BJP Govt

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:22 AM IST

Updated : May 10, 2024, 11:43 AM IST

HBS govt's 3rd anniversary : ৩ বছৰত ভৰি দিলে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ কিন্তু নিৰ্বাচনত ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী । দিশপুৰত নাই শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিৰ উচাহ ।

হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমামওমাও
হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমামওমাও (Etv Bharat Assam)

গুৱাহাটী, ১০ মে’ : তিনিটা বছৰত আজি ভৰি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে । ২০২১ চনৰ আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত কেইবাদিনৰ উৎকণ্ঠাৰ অৱসান ঘটাই সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ।

HBS govt's 3rd anniversary
ওড়িশাত মুখ্যমন্ত্ৰী (twitter)

১০ মে’, ২০২১ চন । এই দিনটোতে তেতিয়াৰ ৰাজ্যপাল জগদীশ মুখীয়ে সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হিচাবে গোপনীয়তাৰ শপতবাক্য পাঠ কৰাইছিল হিমন্ত বিশ্ব শৰ্মাক । অসমত বিজেপিৰ এইটো দ্বিতীয়টো কাৰ্যকাল । গতানুগতিক নিয়মমতে উখল-মাখল হ’ব লাগিছিল দিশপুৰ ।

বৰ্ষপূৰ্তি উপলক্ষে ৩ বছৰীয়া সফলতাৰ গুণ-গানৰ প্ৰচাৰ-বিজ্ঞাপনেৰে উপচি পৰিব লাগিছিল । কিন্তু দিশপুৰত নাই চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ উচাহ । মুখ্যমন্ত্ৰী ব্যস্ত চলিত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত । ৰাজ্যৰ বাহিৰত বিজেপিৰ হৈ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

HBS govt's 3rd anniversary
মন্ত্ৰী ৰণজিৎ দাসৰ ঘৰত আয়োজিত বীৰ নামৰ দৃশ্য (twitter)

বৃহস্পতিবাৰে ওড়িশাত বিধানসভা আৰু লোকসভা নিৰ্বাচন তিনিখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰত ব্যস্ত পশ্চিমবংগত ৷ দিনটোত পশ্চিমবংগৰ কেইবাখনো ঠাইত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত ভাগ ল’ব মুখ্যমন্ত্ৰীয়ে ।

HBS govt's 3rd anniversary
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলোৱা এখন সভাৰ দৃশ্য (twitter)

বৃহস্পতিবাৰৰ নিশাৰ পৰাই ৰাজ্যখনত বাহৰ পাতিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে একাংশ অসম বিজেপিৰ কাৰ্যকৰ্তাই । সেয়ে আজি পালন কৰা হোৱা ৰাজ্যৰ বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ তৃতীয় বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান । অৱশ্যে বিলম্বিতভাৱে যদি কিবা কাৰ্যসূচী লৈছে সেয়া সদৰী কৰা নাই ৰাজ্য চৰকাৰে ৷

অৱশ্যে দিশপুৰৰ নিমাওমাও পৰিৱেশৰ মাজতে মন্ত্ৰীৰ আবাসিক এলেকাত সজীৱতা অনাৰ চেষ্টা শৰ্মা মন্ত্ৰী সভাৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ দাসৰ । কালি ৰাজধানীৰ নিজৰ চৰকাৰী বাসভৱনত মন্ত্ৰী দাসে দীঘলীয়া কাৰ্যসূচীৰে নামনি অসমৰ বিশেষ আধ্যাত্মিক লোক কৃষ্টি ‘বীৰনাম’ৰ কাৰ্যসূচী পালন কৰে ।

লগতে পঢ়ক : ওড়িশাৰ নিৰ্বাচনী প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা: তিনি লাখ যুৱক-যুৱতীয়ে পাব চৰকাৰী চাকৰি - Lok Sabha Election 2024

Last Updated :May 10, 2024, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.