ETV Bharat / politics

ওড়িশাৰ নিৰ্বাচনী প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা: তিনি লাখ যুৱক-যুৱতীয়ে পাব চৰকাৰী চাকৰি - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:35 PM IST

Himanta Biswa Sarma : অসমৰ দৰে ওড়িশাৰ যথেষ্ট সংখ্য যুৱক-যুৱতীয়েও পাব চৰকাৰী চাকৰি ৷ তাৰ বাবে ৰাইজে ভোট দিব লাগিব বিজেপিক ৷ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ ১০ জুনত ওড়িশাত বিজেপি চৰকাৰে শপত কৰিব বুলি দাবী ড৹ শৰ্মাৰ ৷

HIMANTA BISWA SARM IN ODISHA
ওড়িশাৰ নিৰ্বাচনী প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)

ওড়িশাৰ নিৰ্বাচনী প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা (ANI)

গুৱাহাটী, ৯ মে’ : অসমত নিৰ্বাচনৰ পৰ্ব সামৰি ওড়িশাত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ । দেশৰ আন আন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা আকৌ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাত লোকসভা আৰু বিধানসভা নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ৰাজ্যখনত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । মালকানগিৰি জিলাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে গানজাম জিলাত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মালকানগিৰি জিলাৰ মাথিলীত আয়োজিত জনাকীর্ণ সভাখনত ভাষণ প্ৰদান কৰি ড৹ শৰ্মাই কয়, ‘‘অহা ১০ জুনত ওড়িশাত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰিব আৰু ৰাজ্যখনত ‘ডাবল ইঞ্জিন’ চৰকাৰে উন্নয়নৰ বাবে কাম কৰিব । ওড়িশাৰ নবীন পাটনায়ক চৰকাৰে ৰাজ্যবাসীৰ কাৰণে কি কৰিলে ?” ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২১ চনত অসমত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি ৰাজ্যখনৰ যুৱক-যুৱতীসকলক এক লাখ চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰা হৈছে । অসমৰ দৰে এখন সৰু ৰাজ্যত এয়া সম্ভৱ হৈ উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ।

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস ৰাখিবলৈ ওড়িশাবাসীক আহ্বান জনায় । ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে পাঁচ বছৰৰ ভিতৰত তিনি লাখ পঞ্চাশ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম, ছত্তিশগড়, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আদি বিজেপিশাসিত ৰাজ্যসমূহত নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰিছে । মহিলাসকলক সমাজত আগুৱাই নিবলৈ অসমৰ অৰুণোদয় আঁচনিৰ অধীনত ১২৫০ টকা, চত্তিশগড়ত মাতৃ বন্দনা যোজনাৰ অধীনত মাহিলী ১০০০ টকা, মধ্য প্ৰদেশত লাডলী লক্ষ্মী যোজনাৰ অধীনত মাহিলী ১২৫০ টকা দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে মহিলা, আই-মাতৃসকলৰ বাবেও এইধৰণৰ আঁচনি গ্ৰহণ কৰি দুবছৰত পঞ্চাশ হাজাৰ টকা প্ৰদান কৰা হ’ব ।

ইয়াৰ পূৰ্বে একেখন জিলাৰে কালেমেৰাত আয়োজিত আন এখন জনাকীর্ণ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ওড়িশাত বিজেপি চৰকাৰ গঠন হ’লে বৃদ্ধ পেন্সন আৰু বিধবা পেন্সন বর্তমানৰ ৫০০ টকাৰ পৰা মাহিলী ৩০০০ টকালৈ বৃদ্ধি কৰা হ’ব । ইয়াৰ উপৰি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে বিজেপি চৰকাৰ গঠন হোৱাৰ পিচত বিদ্যালয়সমূহত বঙালী ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ লগতে সেই অঞ্চলৰ গাঁওসমূহক ৰাজহ গাঁৱলৈ উন্নীত কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আশা ব্যক্ত কৰে যে আগন্তুক ১০ মে’ত অঞ্চলটোৰ ভোটাৰসকলে স্বতঃস্ফূর্তভাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক: বহু দাবী-অভিযোগ লৈ নিৰ্বাচন আয়োগৰ কাষলৈ ইণ্ডি এলায়েন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.