ETV Bharat / politics

বহু দাবী-অভিযোগ লৈ নিৰ্বাচন আয়োগৰ কাষলৈ ইণ্ডি এলায়েন্স - Lok Sabha Election 2024

INDIA Bloc Leaders To Meet EC : কেতবোৰ অভিযোগ আৰু দাবী লৈ নিৰ্বাচনক আয়োগক সাক্ষাৎ কৰিব বিৰোধীয়ে ৷ শাসকীয় পক্ষৰ বিৰুদ্ধে আচৰণ বিধি উলংঘাৰ অভিযোগ আৰু আয়োগে ভোটদানৰ পৰিসংখ্যা প্ৰকাশত খৰতকীয়া হোৱাৰ দাবী উত্থাপন কৰিব ইণ্ডি এলায়েন্সে ৷

INDIA Bloc Leaders To Meet EC
নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (IANS)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024 at 3:42 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী, 9 মে’: দেশত অব্যাহত আছে সাধাৰণ নিৰ্বাচন ৷ নিৰ্বাচন অব্যাহত থকাৰ সময়ত শাসকীয় পক্ষৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ আছে ইণ্ডি এলায়েন্স নেতৃত্ব ৷ সমান্তৰালকৈ প্ৰতিটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ সম্পূৰ্ণ পৰিসংখ্যা তৎক্ষণাৎ প্ৰকাশ কৰাৰ দাবীত শুকুৰবাৰে নিৰ্বাচন আয়োগক বিৰোধী নেতৃত্বই সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই সাক্ষাৎ বৃহস্পতিবাৰেই কৰাৰ সিদ্ধান্ত লোৱা হৈছিল শুকুৰবাৰলৈ পিছুৱাই দিয়া হয় ৷

আনহাতে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত ধৰ্মীয় প্ৰতীক ব্যৱহাৰ কৰা বুলিও নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে । কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)কে ধৰি ইণ্ডি এলায়েন্সৰ অন্তৰ্গত দলসমূহে এই পৰ্যন্ত পৃথকে পৃথকে নিৰ্বাচনী পেনেললৈ পত্ৰ প্ৰেৰণ কৰি প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ তথ্য প্ৰকাশত পলম হোৱাৰ অভিযোগ উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰিছে ৷

বিৰোধীৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছিল যে ভোটদান সমাপ্ত হোৱাৰ পিচতেই প্ৰকৃত ভোটৰ সংখ্যাৰ বুথভিত্তিক তথ্য প্ৰাৰ্থীসকলৰ হাতত উপলব্ধ হয় । যোৱা সপ্তাহত জাৰি কৰা এক বিবৃতিত নিৰ্বাচন আয়োগে এইটোও কয় যে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ৰ পিচত ভোটদানৰ পৰিসংখ্যা সময়মতে প্ৰকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ কেৱল সমষ্টিভিত্তিতেই নহয়, বুথ অনুসৰি ভোটৰ প্ৰকৃত সংখ্যাৰ তথ্যও বিধিগত প্ৰয়োজনীয়তা অনুসৰিয়েই প্ৰাৰ্থীসকলৰ ওচৰত উপলব্ধ বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটদানৰ তথ্যত বিসংগতিৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিৰোধী দলৰ নেতাসকলৈ পত্ৰ লিখিছিল । খাৰ্গেই তেওঁৰ পত্ৰত বিৰোধী নেতাসকলক এই বিষয়ত সামূহিকভাৱে, ঐক্যবদ্ধভাৱে আৰু স্পষ্টভাৱে মাত মাতিবলৈ আহ্বান জনায় ।

নিৰ্বাচন আয়োগে ৩০ এপ্ৰিলত প্ৰথম দুটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ পৰিসংখ্যা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল । নিৰ্বাচন আয়োগৰ পৰিসংখ্যা অনুসৰি চলিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৬৬.১৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ ভোটদান সাব্যস্ত হয় ৷ ইফালে বুধবাৰে নিৰ্বাচন আয়োগৰ ভোটাৰ টাৰ্ণআউট এপ্লিকেশ্যন দেখা যায় যে মঙলবাৰে অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ ভোটদানত ৬৫.৫৫ শতাংশ ভোট লাভ কৰা হয় ।

আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ অন্যান্য নেতাই দিয়া ভাষণক লৈও অভিযোগ উত্থাপন কৰিছে বিৰোধী ৷ শাসকীয় পক্ষই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি ভোটগ্ৰহণ পেনেলৰ কাষ চাপিছে বিৰোধী দলসমূহ ।

উল্লেখ্য যে দুয়োপক্ষৰ অভিযোগৰ ভিত্তিত ভোটগ্ৰহণ পেনেলে ইতিমধ্যে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি খাৰ্গেলৈ জাননী জাৰি কৰিছিল । (এজেন্সিৰ তথ্যৰ ভিত্তিত)

লগতে পঢ়ক: আপত্তিজনক এক্স পোষ্ট : জে পি নাড্ডা, অমিত মালব্য আৰু বি ৱাই বিজয়েন্দ্ৰক চমন বেংগালুৰু আৰক্ষীৰ