Cyber crime:চেলেব্ৰিটীৰ পাচত এইবাৰ চাইবাৰ অপৰাধীৰ কৱলত কলেজৰ অধ্যাপক

By

Published : Apr 5, 2023, 11:42 AM IST

thumbnail

বৰপেটাৰোড, 4 এপ্ৰিল : আপুনি যদি ছ’চিয়েল মেডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰ ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক ৷ ৰাজ্যত এতিয়া সঘনাই দেখিবলৈ পোৱা গৈছে চাইবাৰ অপৰাধৰ ঘটনা (victim of cyber crime) । তাৰকাসকলৰ লগতে চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে ৰাজ্যৰ কলেজ শিক্ষকসকল । সৰভোগস্থিত বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰেজাউল কৰিম আহমেদ চাইবাৰ অৰাধীৰৰ কবলত পৰিছে (College professor became victim of cyber crime)। অধ্যাপক আহমেদৰ নামত অজ্ঞাত দুষ্ট চক্ৰই ফেচবুক মেছেঞ্জাৰ আৰু ইনষ্টাগ্ৰামত ভুৱা একাউণ্ট খুলি বিভিন্নজনৰ পৰা ধন দাবী কৰি থকাৰ কথা পোহৰলৈ আহিছে ৷

দুষ্ট চক্ৰটোৱে সহযোগী অধ্যাপক ৰেজাউল কৰিম আহমেদৰ ফটো আৰু নাম ব্যৱহাৰ কৰি ভুৱা একাউণ্টৰ যোগেদি মেচেজ দি বিভিন্নজনৰ পৰা টকা বিচৰাৰ কথা জানিবলৈ দিয়ে অধ্যাপকগৰাকীয়ে ৷ দুষ্ট চক্ৰটোৱে অধ্যাপকগৰাকীৰ নামত ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰযোগে বিচৰা ধনৰ পৰিমাণ ১৫ হেজাৰৰ পৰা ৩০ হেজাৰ টকা (cyber crime in Assam) ৷ অধ্যাপক আহমেদে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁৰ নামত কোনো দুষ্ট চক্ৰই ধন বিচাৰিলে যাতে কোনো লোকে ধন নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে ৷ চাইবাৰ অপৰাধীৰ কবলত পৰা অধ্যাপক ৰেজাউল কৰিম আহমেদে ইতিমধ্যে বৰপেটাৰোড আৰক্ষীৰ সহায় বিচাৰিছে বুলিও জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : Firing in Dhubri: ধুবুৰীৰ গোলকগঞ্জত ব্ৰয়লাৰ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.