চিত্ৰ শিল্পৰ মাধ্যমেৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি চিত্ৰশিল্পীৰ - Death Anniversary Of Parag Das
TRIBUTE TO PARAG KUMAR DAS: মৃত্যুতিথিত ৰং-তুলিকাৰে নিৰ্ভীক, বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাসক সুঁৱৰিলে চিত্ৰশিল্পী দেৱব্ৰত মহন্তই । শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ন্যায়ৰ দাবীত চিত্ৰ অংকন । চিত্ৰ শিল্পৰ মাধ্যমেৰে প্ৰয়াত সাংবাদিকগৰাকীক স্মৰণ কৰিলে চিত্ৰ শিল্পী দেৱব্ৰত মহন্তই ।

Published : May 17, 2024 at 5:51 PM IST
|Updated : May 17, 2024 at 7:26 PM IST
মৰাণ,১৭ মে': আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী । আজিৰে পৰা প্ৰায় ২৮ বছৰ পূৰ্বে দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছিল সাংবাদিক পৰাগ কুমাৰ দাসে । ১৯৯৬ চনৰ ১৭ মে’ত ব্যস্ত গুৱাহাটীৰ ৰাজগড়ত ঘাতকে গুলিয়াই হত্যা কৰিছিল সাংবাদিকগৰাকীক । হত্যাৰ বলি হোৱা সাংবাদিকগৰাকীয়ে আজি পৰ্যন্ত নাপালে ন্যায় ।
আনৰ ন্যায়ৰ বাবে মাত মাতি যোৱা মানুহজনেই আজি পৰ্যন্ত ন্যায়ৰ পৰা বঞ্চিত হৈ ৰ'ল । শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ন্যায়ৰ দাবীত বিভিন্নজনে বিভিন্ন ধৰণেৰে বছৰৰ পাছত বছৰ দাবী প্ৰতিবাদ কৰি আহিছে যদিও দিন পাৰ হৈ গৈছে কিন্তু চিনাক্ত নহ'ল পৰাগ কুমাৰ দাসৰ হত্যাকাৰী । ইয়াৰ মাজতে নিৰ্ভীক, আপোচবিহীন সাংবাদিক, লেখক পৰাগ কুমাৰ দাসৰ নৃশংস হত্যাকাণ্ডই অতিক্ৰম কৰিলে ২৮ টা বছৰ ।
বলিষ্ঠ সাংবাদিকগৰাকীৰ আজি ২৯ সংখ্যক মৃত্যুতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছে অগণন গুণমুগ্ধই ৷ প্ৰান্তে প্ৰান্তে শ্বহীদ সাংবাদিকগৰাকীক স্মৰণ কৰি অনুষ্ঠিত কৰা হৈছে বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । মৰাণৰ নিবাসী প্ৰসিদ্ধ চিত্ৰশিল্পী দেৱব্ৰত মহন্তই ৰং-তুলিকাৰে স্মৰণ কৰে প্ৰিয় সাংবাদিক পৰাগ কুমাৰ দাসক ৷ মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী দেৱব্ৰত মহন্তই "I Want Justice" শীৰ্ষক চিত্ৰৰে শ্ৰদ্ধাঞ্জলি জনাই নিৰ্ভীক সাংবাদিকগৰাকীলৈ ৷
পৰাগ কুমাৰ দাসৰ নৃশংস হত্যাকাণ্ডৰ ২৮ বছৰ পাৰ হৈ যোৱাৰ পাছতো ন্যায় লাভৰ পৰা বঞ্চিত সাংবাদিকজনে আজিও যেন ন্যায়ৰ আশাত বন্দী হৈ আছে তেনে এক বাৰ্তা চিত্ৰ শিল্পৰ মাধ্যমেৰে দিয়াৰ চেষ্টা কৰা বুলি জনাই চিত্ৰ শিল্পী দেৱব্ৰত মহন্তই ৷

