Assam CM HBS in Jorhat: আজিৰে পৰা দুদিন যোৰহাটত কটাব মুখ্যমন্ত্ৰীয়ে; মুকলি কৰিব প্ৰথমখন উৰণ সেতু

By

Published : Aug 16, 2023, 12:17 PM IST

thumbnail

যোৰহাট,16 আগষ্ট: আজি দুদিনীয়া ভ্ৰমণ সূচীৰে যোৰহাট উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কিছু সময়ৰ পাচতে কেইবাটাও কাৰ্যসূচীৰ বাবে যোৰহাটত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী । যোৰহাটত উপস্থিত হৈ প্ৰথমে অসম কৃষি বিশ্ববিদ্যালয়লৈ যাব ৷ কৃষি বিশ্ববিদ্যালয়খনৰ এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ভৱন মুকলি কৰিব ৷ 

তাৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাটবাসী ৰাইজ বাবে মুকলি কৰিব যোৰহাট নগৰ আৰু ন-আলি সংযোগী উৰণ সেতু ৷ উক্ত উৰণ সেতুখন প্ৰায় ৮০০ মিটাৰ অধিক দীঘল হোৱা লগতে নিৰ্মাণত ব্যয় হৈছে প্ৰায় ৮৭কোটি টকা । যোৰহাট নগৰ আৰু ন-আলিৰ উৰণ সেতুখন যোৰহাটৰ  প্ৰথম উৰণ সেতু হিচাপে পৰিণত হ’ব ৷ এই উৰণ সেতু মুকলি কৰাৰ লগে লগে যোৰহাট নগৰত সৃষ্টি হোৱা যান-জত কিছু পৰিমাণে হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে যোৰহাটবাসীয়ে ৷ 

বুধবাৰে উৰণ সেতু মুকলি কৰা পিচত নিশা যোৰহাটতে কটাব মুখ্যমন্ত্ৰীয়ে ৷ ১৭ আগষ্টত কেইবাটাও বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্র-ছাত্রী সৈতে পুৱা আহাৰ গ্ৰহণ কৰিব আৰু তাৰ পিচত মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱন চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব ।  

সেই সমূহ কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ‘‘মৰমৰ যোৰহাট’’ৰ অধীনত মিল্ক ভেণ্ডিঙ চাইকেল শুভ উদ্বোধন কৰিব । এই দৰে কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হ’ব মুখ্যমন্ত্ৰী ৷ আনহাতে, মুখ্যমন্ত্ৰী গৰাকী দুদিনীয়া যোৰহাট ভ্ৰমণ বাবে অধিক ব্যস্ত হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন । কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ৷

লগতে পঢ়ক: 77th Independence Day; যোৰহাটবাসীলৈ ডেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.