77th Independence Day; যোৰহাটবাসীলৈ ডেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ মন্ত্ৰী অজন্তা নেওগৰ

By

Published : Aug 15, 2023, 12:06 PM IST

Updated : Aug 15, 2023, 1:33 PM IST

thumbnail

যোৰহাট, ১৫ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ আজি পুৱাই যোৰহাট কছাৰী ময়দানতো উৰিল জাতীয় পতাকা ৷ যোৰহাট কছাৰী ময়দানত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী অজন্তা নেওগে । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মন্ত্ৰী অজন্তা নেওগে স্বাধীনতা সংগ্ৰামী সেনানীসকলক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰে ৷ তেওঁ কয় যে, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে বিভিন্ন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিছে ।

তেওঁ কয়, ‘‘যোৱা দুটা বছৰত অসম চৰকাৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী দিল্লীত অনুষ্ঠিত কৰা হ'ল আৰু বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল ৷ ঘৰুৱা উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি হৈছে ৷ চৰকাৰে নিজা পুঁজিৰে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ সক্ষম হৈছে ৷ ১০ লাখ মেট্ৰিক ধন ক্ৰয় কৰা সিদ্ধান্ত, স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰ, ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপন, চাহ বাগিচা অঞ্চলত ১০০ খন বিদ্যালয় স্থাপন, আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকল আগবাঢ়ি গৈছে আৰু ১০০০ কোটি ধাৰ্য কৰা হৈছে আত্মসহায়ক গোটৰ বাবে’’ ৷

‘‘নতুনকৈ ৮ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব ৷ মুঠ হিতাধিকাৰী সংখ্যা হ'ব ২৭ লাখ ৷ পুনৰ ৫০০০ হাজাৰ নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন পৰিকল্পনা, ১০ লাখ মহিলাক মাইক্ৰফাইনেঞ্চ লোণ ৰেহাই, ৫০ হাজাৰ কোটি টকাৰে অসমৰ আন্তঃগাঁথনি উন্নয়নত পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ লগতে যোৰহাট উন্নয়নৰ বাবে ডেৰ হাজাৰ কোটি টকাৰে ব্যয়ৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হ'ব’’ । এই মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ৷

নিজৰ ভাষণ সামৰি মন্ত্ৰী অজন্তা নেওগে বিভিন্ন বাহিনী তথা অসম আৰক্ষী, যান-বাহন আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, ঔদ্যোগিক সুৰক্ষা বাহিনী, এন চি চি, স্কাউ গাইড দলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে । আনহাতে, স্বাধীনতা দিৱসৰ উপলক্ষে বিভিন্ন কৃষ্টি, সংস্কৃতি নৃত্য প্ৰদৰ্শন কৰা হয় কছাৰী ময়দানত ।

লগতে পঢ়ক : Nagaon protest with National Flag : নগাঁৱৰ ৰাজপথত পুৱাই মহাত্মা গান্ধী, কনকলতা, সুভাষ চন্দ্ৰ বসুৰ প্ৰতিবাদ

Last Updated : Aug 15, 2023, 1:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.