Bhaona:ভাওনা-গায়ন-বায়ন কৰি আত্মহাৰা হোৱা শিশুসকলৰ মুখেৰেই শুনক তেওঁলোকৰ অভিজ্ঞতাৰ কথা...

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:43 PM IST

thumbnail

গোলাঘাট, ১ নৱেম্বৰ : বৰ্তমান মোবাইলৰ ব্যৱহাৰে শিশুসকলৰ মনত বহু সময়ত বিৰূপ প্ৰভাৱ পেলোৱা দেখা পোৱা যায় ৷ মোবাইলটোৰ কাৰণেই বহু সময়ত মানুহ সম্পূৰ্ণৰূপে যান্ত্ৰিক হৈ পৰা যেন অনুভৱ হয় ৷ অগ্ৰজসকলৰ বহুতেই অনুভৱ কৰে অনুজসকল যেন নিজৰ কলা-কৃষ্টি-সংস্কৃতিৰ পৰাও আঁতৰি গৈছে ৷ এনে সময়তে গোলাঘাটত দেখা গ’ল এক মন ভাল লাগি যোৱা দৃশ্য ৷

গোলাঘাট জিলাৰ এটা অঞ্চলৰ জাক জাক শিশুৱে ল’লে এক ব্যতিক্ৰমী পদক্ষেপ । গোলাঘাট জিলাৰ মহুৰামুখৰ হাঁহচৰা বিলতীয়া গাঁৱৰ নতুন নামঘৰত মঙলবাৰে নিশা গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনা কৰিলে শিশুসকলে । গায়ন-বায়নৰ পৰা ভাৱৰীয়ালৈকে সকলোখিনি কৰিছে শিশুয়েই । অতি কম বয়সৰ পৰা শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ বিষয়ে জানিবলৈ আগ্ৰহী এইসকল শিশু ।

মহুৰা আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত মহেশ্বৰ শইকীয়া নামৰ এগৰাকী 84 বছৰীয়া শিল্পীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে আহৰণ কৰিলে গায়ন-বায়ন আৰু ভাওনাৰ শিক্ষা । গ্ৰীষ্মকালীন বন্ধৰ পৰা প্ৰায় তিনি মাহ ধৰি সকলোকে সুন্দৰভাৱে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি তেওঁ শিকাইছিল ভাওনাৰ লগতে গায়ন-বায়ন । প্ৰায় ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলে প্ৰদৰ্শন কৰা ভাওনা চাই আপ্লুত হ’ল সকলো । গুৰুজনাৰ সৃষ্টিৰাজি শিকি ৰাইজৰ মাজত প্ৰকাশ কৰি আনন্দিত হ’ল শিশুসকলো ।

লগতে পঢ়ক : Bhaona Samaroh at Tingkhong: সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ভাওনা সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.