ETV Bharat / state

Bhaona Samaroh at Tingkhong: সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ভাওনা সমাৰোহ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 9:00 PM IST

Bhaona Samaroh at Tingkhong
টিংখাঙত পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ ভাওনা সমাৰোহ

পাঁচদিনীয়া কাৰ্যসূচীৰে টিংখাঙত দেওবাৰৰ পৰা আৰম্ভ হ'ল অসম ভিত্তিত ভাওনা সমাৰোহ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ ৷

টিংখাঙত পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ ভাওনা সমাৰোহ

ডিব্ৰুগড়, 29 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত টিংখাঙত পাঁচদিনীয়া কাৰ্যসূচীৰে দেওবাৰৰ পৰা আৰম্ভ হ'ল সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ ৷ নতুন প্ৰজন্মক ভাওনা সংস্কৃতিৰ সৈতে পৰিচিত কৰাই দিয়াৰ লক্ষ্যৰে টিংখাঙত আজিৰে পৰা আৰম্ভ হ'ল সদৌ অসম ভিত্তিত অনুষ্ঠিত ভাওনা সমাৰোহ ৷

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বৃহত্তৰ ৰাজগড়বাসী ৰাইজৰ সহযোগত বায়ন মণিকান্ত লিকচন সোঁৱৰণী সমন্বয় ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ভাওনা সমাৰোহৰ ৷ সমাৰোহৰ আজি মূল তোৰণ উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তচেন ডেকাই ৷ ইয়াৰ পাচতে সদৌ অসম ছাত্ৰ সন্থাৰ মূল পতাকা উত্তোলন কৰে আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বুলবুল দত্তই ৷

আনহাতে সমাৰোহৰ মূল ধৰ্মধ্বজ্জা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিশ্বনাথ চেলেঙে ৷ ইয়াৰ লগে লগে উদযাপনস্থলীত বৃহত্তৰ ৰাজগড় অঞ্চলৰ বিভিন্ন গাঁৱৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ পতাকা উত্তোলন কৰে নিজ নিজ গাঁৱৰ মুৰব্বীসকলে ৷

সমাৰোহৰ শ্বহীদ তৰ্পণ কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী গগৈয়ে ৷ ইয়াৰ পাচতে দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আজি প্ৰথম দিনা প্ৰথমখন নাট গোলাঘাটৰ সাৰংগপাণি শিল্পী সমাজৰ দ্বাৰা ‘‘ভাতৃ বধু’’ নাটকখন প্ৰদৰ্শন কৰা হ'ব ৷ ইয়াৰ পাচতে প্ৰথম দিনৰ দ্বিতীয়খন নাটক চৰাইদেউ জিলাৰ মৰাণহাট পাঞ্চজন্য নাট্য গোষ্ঠীৰ দ্বাৰা ‘‘যযাতিৰ মুক্তি লাভ’’ নাটকখন পৰিৱেশন কৰিব ৷

এই ভাওনা সমাৰোহৰ প্ৰতিটো দিনতেই অসমৰ বিভিন্ন জিলাৰ আঠখনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব ৷ পাঁচদিনীয়া এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোগতাসকলে জানিবলৈ দিছে ৷

লগতে পঢ়ক:Price hike in Assam; চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে, সাধাৰণ জনতা দুখীয়া হৈ গৈছে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.