Assam Gunotsav 2023: দৰঙত শিক্ষকৰ ৰূপত বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী

By

Published : Feb 17, 2023, 5:02 PM IST

thumbnail

মঙলদৈ,১৬ জানুৱাৰী: ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানদণ্ড উন্নীতকৰণ আৰু পৰ্যালোচনাৰ উদ্দেশ্যে আয়োজিত গুণোৎসৱ ২০২৩ ৰ তৃতীয় পৰ্যায়ৰ মূল্যায়নৰ সমগ্ৰ ৰাজ্যতে চলি আছে । বৃহস্পতিবাৰে গুণোৎসৱ ২০২৩ ৰ (Assam Gunotsav 2023) তৃতীয় পৰ্যায়ৰ মূল্যায়নৰ দ্বিতীয় দিনৰ সামৰণি পৰে । ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ চলি থকা (2023 Gunotsav started on 18 January) তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে দ্বিতীয় দিনা দৰং জিলাত বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ছিপাঝাৰ বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে (Chandra Mohan Patowary visited school in Darrang) । 

একেদৰে দৰং জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে ১৫৯ নং কমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকি গুণোৎসৱ পৰ্যবেক্ষণ কৰে (Axom Gunotsav 2023 in Darrang) । অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব ডাঃ কৰুণা কুমাৰী দীঘিৰপাৰ হাইস্কুলত উপস্থিত থকাৰ বিপৰীতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰই খাৰুপেটীয়া আদৰ্শ হিন্দী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ পৰিদৰ্শন কৰে । 

একেদৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্ৰবীৰ চন্দ্ৰ কাকতিয়ে ১৭৫ নং ছিপাঝাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে বহিঃমূল্যায়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে । এইবেলি তৃতীয় পৰ্যায়ৰ গুণোৎসৱত জিলাখনৰ মুঠ তিনিটা শিক্ষাখণ্ডৰ মুঠ ১১৯৪ খন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ১৪০২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে । 

উল্লেখ্য যে, গুণোৎসৱত সামৰি লোৱা বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হ’ল, দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃবিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ (Third phase of Gunotsav) ৷ গুণোৎসৱৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিক্ষাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা  ৷ 

লগতে পঢ়ক: Mini stadium in Kokrajhar : কোকৰাঝাৰত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে প্ৰমোদ বড়োৱে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.