ETV Bharat / state

Mini stadium in Kokrajhar : কোকৰাঝাৰত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে প্ৰমোদ বড়োৱে

author img

By

Published : Feb 17, 2023, 2:15 PM IST

১১ কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰ জিলাৰ বনৰগাঁৱত আধাৰশিলা স্থাপন হ’ল এখন মিনি ষ্টেডিয়ামৰ (Foundation stone of mini stadium laid in Kokrajhar) ৷ মিনি ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

Foundation stone of mini stadium
মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে প্ৰমোদ বড়োৱে

কোকৰাঝাৰ, 17 ফেব্ৰুৱাৰী : ফুটবলৰ লগতে আন ক্ৰীড়াৰ বাবে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা কোকৰাঝাৰৰ নিকটৱৰ্তী অঞ্চল বনৰগাঁৱত আধাৰশিলা স্থাপন কৰা হয় এটা মিনি ষ্টেডিয়ামৰ ৷ বৃহস্পতিবাৰে স্থাপন কৰা হয় এই আধাৰশিলাৰ ৷ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাক বিকশিত কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

বনৰগাঁৱত নিৰ্মাণ হ’বলগীয়া মিনি ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে (Foundation stone of mini stadium laid by Pramod Boro) ৷ বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হ’ব এই মিনি ষ্টেডিয়ামখন ৷ কোকৰাঝাৰ পূৱ জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ উপস্থিতিত এঘাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই মিনি ষ্টেডিয়ামখনৰ ৷ বৃহস্পতিবাৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নতুলকা নিৰ্মাণ হ’ব লগা ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে কৰা হয় এক মাংগলিক কাৰ্যসূচী ৷

Foundation stone of mini stadium
মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে প্ৰমোদ বড়োৱে

মিনি ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত অঞ্চলটোৰ ক্ৰীড়া অনুৰাগীকে ধৰি যুৱক-যুৱতীসকল খেলৰ ক্ষেত্ৰখনত অধিক লাভান্বিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বি টি আৰ প্ৰধানগৰাকীয়ে ৷ লগতে বি টি আৰ চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য আগবঢ়ায় প্ৰমোদ বড়োৱে । আনহাতে আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক লৰেন্স ইছলাৰীয়ে 'নিৰ্বাচনৰ পূৰ্বে এয়া মোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল আৰু মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰি আন এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিলো বুলি মন্তব্য আগবঢ়ায় (mini stadium in Kokrajhar) ৷

Foundation stone of mini stadium
মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে প্ৰমোদ বড়োৱে

মিনি ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য মসৃণভাৱে সম্পূৰ্ণ কৰিবলৈ কোকৰাঝাৰ জিলাৰ নিকটৱৰ্তী অঞ্চল বনৰগাঁওবাসীৰ সহযোগিতা কামনা কৰে স্থানীয় বিধায়ক লৰেন্স ইছলাৰীয়ে । উল্লেখ্য যে, ফুটবলৰ বাবে বিখ্যাত বনৰগাঁৱত স্থাপন হ’বলগীয়া মিনি ষ্টেডিয়ামখনৰ জৰিয়তে বৃহত্তৰ বনৰগাঁও অঞ্চলত সুপ্ত হৈ থকা ক্ৰীড়া প্ৰতিভাক বিকশিত কৰাৰ লগতে ক্ৰীড়াৰ এখন উপযুক্ত মঞ্চ আগবঢ়োৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : Jorhat chowk bazar fire : চ’ক বজাৰৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.