ETV Bharat / state

Jorhat chowk bazar fire : চ’ক বজাৰৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

author img

By

Published : Feb 17, 2023, 1:32 PM IST

Fire in Jorhat chowk bazar
যোৰহাট চ’ক বজাৰ অগ্নিকাণ্ডৰ ঘটনা

যোৰহাট চ’ক বজাৰ অগ্নিকাণ্ডৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ (Jorhat chowk bazar fire) ৷ বৃহস্পতিবাৰৰ নিশা সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷

যোৰহাট চ’ক বজাৰ অগ্নিকাণ্ডৰ ঘটনা

যোৰহাট, 17 ফেব্ৰুৱাৰী : যোৰহাট চ’ক বজাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ (MP Kamkhya prasad Tasa) । ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত ব্যৱহাৰৰ হৈ থকা যিসমূহ পুৰণি বিদ্যুৎ সংযোগ সেয়া সলনি কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু বিদ্যূৎ বিভাগৰ সৈতে শীঘ্ৰেই আলোচনাত বহা হ'ব বুলি উল্লেখ কৰে সাংসদ তাছাই । উল্লেখ্য যে, চ'ক বজাৰ জ্বলি থকাৰ সময়ত বজাৰৰ ভিতৰৰ ভাহি আহিছিল উচ্চ প্ৰাৱল্যৰ আতচবাজীৰ শব্দ ।

আনহাতে, চকুৰ প্ৰচাৰতেই মৰমৰ দোকানখন জাহ যোৱা প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰে দোকানৰ গৰাকীসকল (Jorhat chowk bazar fire) ৷ 351 খন দোকানৰ ভিতৰত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ভস্মীভূত হোৱা দেখি তথা অনিশ্চিত ভৱিষ্যতৰ আশংকাত কান্দি উঠে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী । উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত স্মৃতি বিজড়িত যোৰহাট নগৰৰ মধ্যভাগত থকা চ'কবজাৰ সম্পূৰ্ণ ৰূপে ধ্বংসস্তুপত পৰিণত হয় । ভয়াৱহ অগ্নিকাণ্ডটোৰ ফলত এখনৰ পিছত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান জুইৰ লেনিহান শিখাত আৱদ্ধ হৈ ধ্বংসস্তুপত পৰিণত হয় (Fire in Jorhat chowk bazar ) ।

উক্ত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো শ্বৰ্ট চাকিটৰ ফলতেই সংঘটিত হোৱা বুলি একাংশই ক'ব খোজে যদিও, আন একাংশই কোনো দুস্কৃতিকাৰীয়ে এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে । এই ভয়াৱহ অগ্নিকাণ্ডত নিমিষতে ছাই হৈ যায় প্ৰায় বহু কোটি টকাৰ সা সম্পত্তি । তাৎপৰ্যপূৰ্ণভাৱে চ’ক বজাৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বজাৰখনত শুনিবলৈ পোৱা গৈছিল বহু উচ্চ প্ৰাৱল্যৰ আতছবাজীৰ শব্দ ৷ অৱশ্যে কোনে কি কাৰণত অতি বিপদজ্জনক ভাৱে বজাৰখনত আতছবাজী মজুত ৰাখিছিল সেয়া পোহৰলৈ সঠিক তদন্তৰ পিছতহে আহিব(Historic Chowk Bazaar was over in an instant) ৷

অৱশ্যে আতছবাজী মজুতকৰণৰ কথাটো সহজে মানি ল’ব বিচৰা নাই সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ যোৰহাট জিলাৰ লগতে কাষৰীয়া ঠাইসমূহৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সমূহে অগ্নিকাণ্ড সংঘটিত হোৱা স্থলীত উপস্থিত হৈ জুই নিৰ্বাপনত নামি পৰে ৷ অৱশ্যে পানী মজুতকে ধৰি বিভিন্ন ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীৰ গাফিলতিৰ অভিযোগ উঠাই স্থানীয় ৰাইজে ক্ষুণ্ণ হোৱা পৰিলক্ষিত হয় ৷ পৰিতাপৰ বিষয় যে, 12 ঘণ্টা উকলি যোৱাৰ পিছতো চ’ক বজাৰৰ সম্পূৰ্ণ জুই নিৰ্বাপিত হ’ল বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানেও ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.