Cattle recovered in Kaliabor: গৰুৰ অবৈধ সৰবৰাহ, পৃথকে চলোৱা অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গৰু

By

Published : Feb 13, 2023, 2:12 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

কলিয়াবৰ, 13 ফেব্ৰুৱাৰী: অসম চৰকাৰে পশুধনক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে 2021 চনত গো-সুৰক্ষা আইন বলবৎ কৰিছিল (Cattle Protection Act) ৷ গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে (Cattle syndicate in Assam) ৷ কিন্তু ৰাজ্য চৰকাৰে গো সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷

ইফালে গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সষ্টম হৈছে আৰক্ষীও । ৰাজ্য ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে চোৰাংভাৱে সৰবৰাহ কৰা বহু গৰু উদ্ধাৰৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে । কিন্তু যিমানেই আৰক্ষীয়ে সৰবৰাহকাৰীক আটক কৰিছে সিমানেই ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰু কিম্বা ম’হৰ সৰবৰাহৰ । কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা আকৌ কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু সৰবৰাহ কৰিছে সৰবৰাহকাৰীয়ে (Cattle smuggling in Assam) ।

শেহতীয়াকৈ, পুনৰ কলিয়াবৰত দুটাকৈ পৃথক পৃথক স্থানত আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গৰু (Cattle recovered in Kaliabor) ৷ জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দেওবাৰে সন্ধিয়া এখন ডি আই বাহনত শাক-পাচলি কঢ়িওৱাৰ নামত অবৈধভাৱে গৰুৰ সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷

গোপন সূত্ৰই দিয়া খবৰ অনুসৰিয়েই আৰক্ষীয়ে অভিযান চলাই ডি আই বাহনখনৰ পৰা উদ্ধাৰ কৰে ১০ টাকৈ চোৰাংভাৱে সৰবৰাহ কৰা গৰু ৷ লগতে আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক ৷ আটকাধীন সৰবৰাহকাৰী দুটা নাজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইন ৷ দুয়োৰে ঘৰ ২ নং বৰঘূলীত বুলি জানিব পৰা গৈছে ৷

একেদৰে সোমাবাৰে অৰ্থাৎ আজিও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই লাভ কৰে সাফল্য (Cattle Smuggler arrested in Kaliabor) ৷ পুৱা বাগৰি আৰক্ষীৰ অভিযানত কলিয়াবৰ মহকুমাৰ হাৰমতিত জব্দ হয় এখন গৰুভৰ্তি ট্ৰাক । জানিব পৰা মতে বিহৰাৰ পৰা শিৱস্থানলৈ কঢ়িয়াই আনিছিল প্ৰায় ৩০ টাকৈ গৰু । 

কিন্তু আৰক্ষীয়ে অভিযান চলাই AS 01 GC 1232 নম্বৰ ট্ৰাকখন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে গৰুখিনি । লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালকক ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটকাধীন আটাইকেইটা সৰবৰাকাৰীক ৷

লগতে পঢ়ক: Smuggling of cattle in Sivasagar: গেলেকী আৰক্ষীৰ জালত গৰু সৰবৰাহকাৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.