ETV Bharat / state

Smuggling of cattle in Sivasagar: গেলেকী আৰক্ষীৰ জালত গৰু সৰবৰাহকাৰী

author img

By

Published : Feb 9, 2023, 8:37 AM IST

গেলেকী আৰক্ষীৰ জালত পৰিল তিনি গৰু সৰবৰাহকাৰী (Cattle smuggling in Galeki)। নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ ল‌ওঁতেই আঠখেল বাগিচাত গ্ৰেপ্তাৰ হৈছে এই তিনি গৰু সৰবৰাহকাৰী ।

Cattle Smuggler arrested at Galeki
গেলেকী আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি গৰু সৰবৰাহকাৰীক

গেলেকী আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি গৰু সৰবৰাহকাৰীক

আমগুৰি, ৯ ফেব্ৰুৱাৰী: আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ পিছতো ৰাজ্যত অব্যাহত আছে গোধনকে ধৰি পশুধনৰ সৰবৰাহ (Smuggling of cattle in Assam)। বিভিন্ন জিলাত ঘাইপথেৰেই অব্যাহত হৈ আহিছে গৰুৰ এনে সৰবৰাহ । অসাধু চক্ৰই আৰক্ষীৰ চকুত ধূলি মাৰি চলাই গৈছে গৰুৰ সৰবৰাহৰ লগতে চোৰাং বেহা । আৰক্ষীৰ চকুত ধূলি দি এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰটোৱে গৰু, ম'হ সৰবৰাহত নতুন কৌশল অৱলম্বন কৰিছে । এই চক্ৰটোৱে কেতিয়াবা যদি নৈশ বাছ, বিলাসী বাহনেৰে নিছে, আন কেতিয়াবা কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাৱাই গৰু, ম’হ সৰবৰাহ কৰিছে । গো-সুৰক্ষাক লৈ ৰাজ্য চৰকাৰে প্ৰশাসনক তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়াৰ সময়তে বুধবাৰে শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষীৰ জালত পৰিল গৰুৰ তিনি চোৰাং সৰবৰাহকাৰী ।

জিলাখনত এনে বেহা চলি থকাৰ মাজতেই নাজিৰাৰ গেলেকী আৰক্ষীয়ে কৰায়ত্ত কৰে তিনি গৰু সৰবৰাহকাৰীক (Cattle Smuggler arrested at Galeki)। গেলেকীত তিনিটা সৰবৰাহকাৰীয়ে গৰু চুৰ কৰি বুধবাৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ ল‌ওঁতেই আঠখেল বাগিচাৰ চকীদাৰে এই চোৰ কেইটাক আবদ্ধ কৰে । পিছত এই গৰু সৰবৰাহকাৰী কেইটাক গেলেকী আৰক্ষীক গতাই দিয়ে । গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আঠখেল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা গৰুৰ এই চোৰাং সৰবৰাহকাৰী তিনিটা হৈছে ক্ৰমে গেলেকী চপৰিয়া গাঁৱৰ পাপু ওৰফে জয়নুল আলী ,একে গাঁৱৰে আমানুল হুছেইন আৰু আনটো ডিমৌ নিতাই পুখুৰীৰ চহিদুৰ আলী (Cow theft arrested in Sivasagar) ।

আঠখেল বাগানৰ পৰা গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনিওটা চোৰে গৰুৰ চোৰাং বেহা দীৰ্ঘ দিনৰ পৰাই চলাই আহিছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে এই তিনি সৰবৰাহকাৰীক বুধবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকেই জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ধৃত চোৰ কেইটাৰ বিৰুদ্ধে গেলেকী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 379/34 IPC R/W 13 (1) ধাৰাৰ অধীনত C/ No. 10/23/ নম্বৰত এক গোচৰ ৰুজু কৰিছে ।

উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ মাজতো ৰাজ্যত গৰু, ম'হৰ চোৰাং সৰবৰাহ চলি আছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, গেলেকীৰ নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ লগতে হালোৱাটিঙত গৰুৰ চোৰাং সৰবৰাহৰ লগতে অবাধ বেহা চলি আহিছে । অৱশ্যে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে চোৰাংভাৱে সৰবৰাহ কৰা বহু গৰু উদ্ধাৰ কৰাৰ লগতে ইয়াৰ লগত জড়িত কেইবাজনো লোককো আটক কৰিবলৈ সক্ষম হৈছে । শিৱসাগৰত পশুধনৰ ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও চক্ৰটোৰ দ্বাৰা চলি থকা এই বেহাক নিয়ন্ত্ৰণ কৰিবলৈা সক্ষম নোহোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন মহলে ।

লগতে পঢ়ক:Attempt to Kidnap: অপহৰণকাৰীৰ হাতত কামুৰি ৰক্ষা পৰিল নাবালিকা; গুৱাহাটীত আলিয়ে গলিয়ে ঘূৰিছে অপহৰণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.