Flood at Rangapara: বন্যাৰ্তৰ কাষত উদ্ধাৰকাৰী ৰূপে অৱতাৰ বিধায়ক কৃষ্ণ পদ্মৰ

By

Published : Aug 14, 2023, 7:47 AM IST

thumbnail

ৰঙাপৰা, 14 আগষ্ট:  চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পশ্চিম কামেং জিলা আৰু অসমত দুদিন ধৰি হৈ থকা নেৰানেপোৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে মানশিৰি আৰু জৰাসৰ নৈৰ জলস্তৰ । প্লাৱিত হৈ পৰিছে বালিপৰা আৰু চাৰিদুৱাৰৰ বহু কেইখন গাঁও । মানশিৰি নৈৰ বাঢ়নী পানীয়ে মানশিৰি দীঘলী গাঁৱৰ শ শ লোকৰ ঘৰ বুৰাই পেলাইছে ৷ ফলত আৱদ্ধ হৈ পৰিছে কেইবাটাও পৰিয়াল । হাহাকাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷  

আনহাতে, বাঢ়নী পানীত আৱদ্ধ হৈ পৰা এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । একঁকাল পানীত নামি বিধায়ক গৰাকীয়ে উদ্ধাৰ কৰে বৃদ্ধাগৰাকীক ৷ ইফালে বানৰ বাবে আৱদ্ধ আন এগৰাকী প্ৰসূতিকো উদ্ধাৰ কৰে বিধায়কগৰাকীয়ে ৷ ৰঙাপৰা আৰু চতিয়া সমষ্টিৰ বিধায়কে বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰি উদ্ধাৰ কাৰ্যত নামি পৰা পৰিলক্ষিত হয় ৷ বানাক্ৰান্ত লোক সকলক আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব জানিবলৈ দিয়ে দুই বিধায়কে।

লগতে পঢ়ক: Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.