ETV Bharat / state

Chokighat Bridge : জীয়া ভৰলীত হ’ব দ্বিতীখন দলং; তেজপুৰৰ পৰা জামুগুৰিলৈ কমিব দূৰত্ব

author img

By

Published : Aug 11, 2023, 12:53 PM IST

মাত্ৰ কিছুদিন বাকী ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত আছে জীয়া ভৰলী নদীৰ দ্বিতীয় দলং ‘চকীঘাট’ ৷ এই দলঙৰ নিৰ্মাণৰ কাম সমাপ্তিৰ পাচতে তেজপুৰ আৰু জামুগুৰিহাটৰ মাজত যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব ৷

Chakighat Second bridge over Jiya Bharli river
বকীঘাট দলকঙৰ নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত

বকীঘাট দলকঙৰ নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত

তেজপুৰ, ১১ আগষ্ট : এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত । এতিয়া আৰু দূৰত্ব নাথাকে তেজপুৰ আৰু জামুগুৰিহাটৰ মাজত । জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ হোৱা ঐতিহাসিক চকীঘাট দলকঙৰ নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত ।

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ আৰু চতিয়া সমষ্টিৰ জামুগুৰিহাটক সংযোগী কৰা ১.২ কিলোমিটাৰ এই চাৰিলেন যুক্ত দলংখনে প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব যোগাযোগৰ ক্ষেত্ৰত । পূৰ্বতে তেজপুৰৰ পৰা জামুগুৰিহাত বা বিশ্বনাথ চাৰিআলিলৈ বালিপৰা হৈ প্ৰায় ৬৫ কিলোমিটাৰ দীৰ্ঘ বাট প্ৰায় ২ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল । এতিয়া বিশ্বনাথ চাৰিআলি মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে উপস্থিত হ’ব পৰা যাব ।

এই দলং নিৰ্মাণক লৈ বহুতো ৰাজনৈতিক নেতাই নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে । প্ৰাক্তন তেজপুৰ লোকসভাৰ জনতা দলৰ প্ৰাক্তন সাংসদ পূৰ্ণ নাৰায়ণ সিংহই এই দলং নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল । মুঠ ১৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে বহুদিনৰ আশা পূৰণ কৰি পৰ্যটন ক্ষেত্ৰত বিশেষ উদগনি যোগাব ।

উল্লেখযোগ্য যে, উত্তৰ পাৰৰ জীয়া ভৰলী নদীৰ ওপৰত এই দ্বিতীয়খন দলঙে পোনপতীয়াকৈ লখিমপুৰ আৰু ধেমাজিৰো দূৰত্ব কমাই আনিব । ইতিমধ্যে দলঙৰ ৰেলিঙৰ কাম এটা দিশে সম্পূৰ্ণ হোৱাৰ দিশত আৰু মাজত চাচপেন্সৰ কাম চলি আছে । একে সময়তে দয়োটা দিশত যান বাহনৰ চলাচল অৰ্থাত চাৰিখন বাহন অহা যোৱা কৰিব পাৰিব ।

ব্ৰহ্মপুত্ৰ নদীৰ ভোমোৰা গুৰি দলঙৰ পৰা প্ৰায় ২০ মিনিটৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাই পথ ৩৭(A) আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ কৰিব । এই দলংৰ নিৰ্মান NHIDCL য়ে এই আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল । জানিব পৰা মতে এই বছৰৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে এই দলং সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : Self reliant with farming: পিতৃৰ স্মৃতি জীয়াই ৰাখিবলৈ কৃষিকৰ্মত মনোনিৱেশ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.