Bihu dance workshop: বঙাইগাঁৱত সাতদিনীয়া বিনামূলীয়া বিহু প্ৰশিক্ষণৰ সামৰণি

By

Published : Mar 25, 2023, 10:30 AM IST

thumbnail

বঙাইগাঁও, 25 মাৰ্চ : সমাগত অসমৰ বাপতি সাহোন ৰঙালী বিহু, মাজত মাথোঁ কেইটামান দিন বাকী । অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৱতী, ধুলীয়া, আদি প্ৰশিক্ষণৰ কুজকাৱাজ (Bihu dance workshop) । এই ক্ষেত্ৰত পিছ পৰি থকা নাই মাণিকপুৰৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী মাণিকপুৰ আকাশ গোষ্ঠী। অইন অইন বছৰৰ দৰে এইবাৰো সাতদিনীয়াকৈ অনুষ্ঠিত কৰিলে বিহুৰ প্ৰশিক্ষণৰ কৰ্মশালা ।

ৰাজ্যত এতিয়া হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি ৷ প্ৰতিখন জিলাতে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰত ইতিমধ্যে সামৰণি পৰিছে বিহু নাচৰ প্ৰশিক্ষণৰ (Bihu dance workshop in Bongaigaon) ৷ স্থানীয় আকাশ গোষ্ঠীৰ উদ্যোগত সাত দিনীয়াকৈ হোৱা বিনামূলীয়া বিহু নাচৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহত সাতদিনৰ বাবে অনুষ্ঠিত হৈছিল এই বিহু প্ৰশিক্ষণ ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা আকাশ গোষ্ঠীৰ এই প্ৰয়াসক সাংস্কৃতিক প্ৰেমী ৰাইজে প্ৰশংসা কৰাৰ লগতে যথেষ্টখিনি সহযোগিতাও আগবঢ়াই । প্ৰশিক্ষণৰ গোটেইকেইটা দিনতে কৰ্মশালাত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে তেজপুৰৰ চুমকা দাস, সৰভোগৰ পৰাগ দাস, ৰণজিৎ দাস আৰু অমৰজ্যোতি দাস । চুমকা দাসে অসম চৰকাৰে এঘাৰ হাজাৰ বিহুৱতৰীৰে বিহু প্ৰদৰ্শন কৰি, গ্ৰীনিজ বুকত নাম সন্নিবিষ্ট কৰাৰ যি প্ৰয়াস কৰিছে তাক আন্তৰিকতাৰে শলাগ লোৱাৰ লগতে এই যাত্ৰাৰ সফলতা কামনা কৰে ।

লগতে পঢ়ক : Bhabesh kalita Bihu: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিহুৰ পূৰ্বেই ৰঙিয়াত জুৰিলে বিহু গীত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.