Bhabesh kalita Bihu: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিহুৰ পূৰ্বেই ৰঙিয়াত জুৰিলে বিহু গীত

By

Published : Mar 25, 2023, 7:28 AM IST

thumbnail

ৰঙিয়া, 25 মাৰ্চ : ঢোল পেপাৰ মাজত ৰজনজনাইছে ৰাজ্যৰ চৌপাশ । ৰাজনীতি, সমাজনীতিৰ উৰ্দ্ধত যে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু, সেইয়া যেন প্ৰতিফলিত হৈছে ৰঙিয়াত (Assam Rangali bihu)। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াত অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালাত জুৰিলে বিহু গীত (Bihu dance workshop) । গীতৰ সুৰে সুৰে তাল মিলালে কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী আৰু ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনে । 

ৰঙিয়া কৃষক শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা (bihu workshop) ৷ এই বিহু কৰ্মশালাত নাচ উপভোগ কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ লগতে ৰঙিয়া পৌৰ সভাৰ বিষয়-ববীয়া সকলে । কৰ্মশালা চলি থকা দেখি আধা বাটতে গাড়ী ৰখাই জিলা উপায়ুক্ত, মহকুমাধিপতি লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এনেদৰে বিহুৰ আনন্দ লয় ।

লগতে পঢ়ক : Bihu dance workshop: ৰহাত অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.