Bhoot Mela on Navratri: আনন্দ মেলা নহয়; এইখন ভূতৰ মেলা

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:57 PM IST

thumbnail

নিউজ ডেস্ক, 23 অক্টোবৰ: আপুনি মেলালৈ গৈছে নে ? বিভিন্ন উৎসৱৰ সময়ত অনুষ্ঠিত মেলাবোৰে আপোনাকো নিশ্চয় এবাৰ হ’লেও টানি নিছে ৷ বস্ত্ৰ মেলাত বিভিন্ন থলুৱা-পৰম্পৰাগত বা আধুনিক ডিজাইনৰ বস্ত্ৰই, খাদ্যমেলা সুস্বাদু দেখিলেই জিভাৰ পানী পৰা খাদ্য আৰু পানীয়, গ্ৰন্থমেলাত বিভিন্ন সুখপাঠ্যই আপোনাক আকৰ্ষিত নকৰি নোৱাৰে ৷ এনেসমূহ মেলা আমাৰ চিনাকী ৷ বহু স্থানত বিভিন্ন মনোৰঞ্জনেৰে ভৰপূৰ আনন্দ মেলাও আমি দেখিছোঁ ৷ কিন্তু আজি আমি আপোনাক দেখুৱাম এখন ভূতৰ মেলা ৷ মানুহে বিশ্বাস কৰে যে এই মেলালৈ আহে ভূত ৷ ভাৰতৰে এখন ৰাজ্যত অনুষ্ঠিত হয় এই ভূতৰ মেলা ৷  

পালামুৰ হাইদৰ নগৰস্থিত দেৱী ধাম মন্দিৰৰ চৌহদত নৱৰাত্ৰিৰ দিনা এখন ভূত মেলাৰ আয়োজন কৰা হয় । ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় 260 কিলোমিটাৰ নিলগত অৱস্থিত পালামুৰ হাইদৰ নগৰৰ দেৱী ধাম মন্দিৰত চ’ত আৰু শাৰদীয় নৱৰাত্ৰিৰ সময়ত আয়োজন কৰা হয় এই ভূত মেলাৰ । য'ত ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, ছত্তীশগড়কে ধৰি বহু ৰাজ্যৰ পৰা মানুহ আহে । এই মেলা সন্দৰ্ভত বিভিন্ন ধৰণৰ জনবিশ্বাস আছে । দেৱী ধাম চৌহদতে আছে এজোপা প্ৰাচীন আঁহত গছ, এই গছজোপাত হাজাৰ হাজাৰ গজাল শালি থোৱা দেখা যায় ।  

এই গজালবোৰত ভূতক বন্দী কৰি গছজোপাত বান্ধি থোৱা বুলি বিশ্বাস কৰা হয় । তথ্য অনুসৰি 1887 চনৰ আশে-পাশে ঔৰংগাবাদৰ জামহোৰৰ পৰা এটা ব্যৱসায়িক পৰিয়াল হাইদৰনগৰত উপস্থিত হৈছিল । ব্যৱসায়ীজনৰ ইচ্ছা পূৰণ হোৱাৰ পিছত ইয়াত মন্দিৰ স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই ভূত মেলাৰ আয়োজন কৰা হয় । দুষ্টৰ পৰা ৰক্ষা পৰিবলৈ হাজাৰ হাজাৰ মানুহ ইয়ালৈ পূজা কৰিবলৈ আহে । এইবাৰ বিখ্যাত ভূত মেলাখন সেৰেঙা যেন দেখা গৈছে ৷ কাৰণ মানুহৰ উপস্থিতি বহুত কম আছিল এইবাৰ ।

লগতে পঢ়ক: Pathetic incident : চৰকাৰী অৱহেলা, সদ্যোজাত সন্তানৰ মুখ নেদেখাকৈয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'লে পিতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.