বিহুৰ দিনটোত মাজুলীৰ সত্ৰ নামঘৰত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 8:03 PM IST

thumbnail

মাজুলী, ১৫ জানুৱাৰী : সোমবাৰে সমগ্ৰ ৰাজ্যই উলহ-মালহেৰে পালন কৰিছে ভোগৰ উৎসৱ মাঘ বিহু বা ভোগালী বিহু । ভোগালীৰ ৰঙত মতলীয়া হৈছে ৰাজ্যবাসী । ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীতো ভোগালীক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । মাঘ বিহুৰ দিনটোত মাজুলীৰ সত্ৰ আৰু নামঘৰত ভক্তৰ ভিৰ দেখা যায় ।

সোমবাৰে বিহুৰ দিনটোত নিজৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীৰ বাবে আহি থকা দিনবোৰৰ কুশল কামনাৰে নেদেখাজনৰ ওচৰত এগছি বন্তি জ্বলাই আশীৰ্বাদ গ্ৰহণ কৰিবলৈ মাজুলীৰ সত্ৰ তথা নামঘৰত ভক্তই ভিৰ কৰা দেখা যায় । এয়া হৈছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ দৃশ্য । এই সত্ৰখনতো পুৱাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ ভিৰ দেখা যায় ।  

উল্লেখ্য যে মাঘ বিহুৰ আগদিনা উৰুকাৰ নিশা গঞাই পথাৰত মিলিজুলি সজা ভেলাঘৰত এসাঁজ লগভাত খায় । ইয়াৰ পিছত বিহুৰ দিনা পুৱতি নিশা মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা জনায় । সকলো অসূয়া-অমংগলৰ অন্তি পৰিবলৈ আন্তৰিকতাৰে কামনা কৰে । লগতে অনাগত দিনত চহা প্ৰাণৰ কৃষিকৰ্মৰ উন্নতি কামনা কৰে ।

লগতে পঢ়ক :পৰম্পৰা, ৰীতি-নীতিৰে সৰুপথাৰত ভোগালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.