Large crack in Bharalu guard wall: ভৰলুৰ গাৰ্ডৱালত বৃহৎ ফাট: শংকিত অনিল নগৰবাসী

By

Published : Jun 18, 2023, 1:39 PM IST

thumbnail

গুৱাহাটী, ১৮ জুন: ভৰলুৰ গাৰ্ডৱালে বিপদ মাতিছে মহানগৰবাসীলৈ । দুমাহপূৰ্বে মেৰামতি কৰা ভৰলুৰ গাৰ্ডৱালত মেলিছে বৃহৎ ফাট । গাৰ্ডৱালৰ ফাটে শংকিত কৰি তুলিছে অনিল নগৰবাসীৰ লগতে কাষৰীয়া বাসিন্দাসকলক । 

উল্লেখ্য যে, ৰাজগড়ৰ পৰা NRC কাৰ্যালয়লৈ যোৱা পথটোত থকা গাৰ্ডৱালখন বিগত প্ৰায় ১৫ দিনৰ পৰা ফাট মেলিবলৈ আৰম্ভ কৰিছিল । মহানগৰীত হৈ থকা বৰষুণৰ ফলত ভৰলু নৈৰ পানী বৃদ্ধি পোৱাত শনিবাৰে বৃহৎ ফাট মেলে গাৰ্ডৱালখনত । গাৰ্ডৱালখনৰ ফাট মেলাত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে বাঁহ পুতি গাৰ্ডৱালখন ৰক্ষাৰ চেষ্টা চলায় । 

ইফালে নতুনকৈ নিৰ্মাণ কৰা গাৰ্ডৱালখন ফাট মেলাক লৈ সচেতন মহলে ক্ষোভ ব্যক্ত কৰিছে । গাৰ্ডৱালখন নিৰ্মাণৰ বাবে নিবিদা পোৱা জৈন উপাধিৰ ঠিকাদাৰজনে নিম্ন মানৰ কাম কৰাৰ অভিযোগ কৰি তেওঁক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ক্ষোভিত লোকসকলে । ইয়াৰ পাচতেই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে উক্ত গাৰ্ডৱাল পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে, বিগত বৰ্ষতো অনিল নগৰত ভৰলুৰ গাৰ্ডৱালত বৃহৎ ফাট মেলিছিল । ইয়াৰ পিছতো ভৰলুৰ গাৰ্ডৱাল নিৰ্মাণৰ ক্ষেত্ৰ ঠিকাদাৰে কিয় নিম্নমানৰ কাম কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক: Erosion in Barpeta: যিকোনো মুহূৰ্ততে হাৰিজানৰ মথাউৰি চিঙি পানী সোমাব বৰপেটাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.