Beki River Erosion:কলগাছিয়াত বেঁকী নৈয়ে টোপনি কাঢ়িছে ৰাইজৰ

By

Published : Jul 5, 2023, 6:15 PM IST

thumbnail

জনীয়া,5 জুলাই:বৰপেটা জিলাৰ কলগাছিয়াত বেঁকী নৈয়ে লৈছে কালৰূপ ৷ কলগাছিয়াৰ কাউৰজাহী, আমগুৰি, খাৰবাল্লী, বলাইপাথাৰ আদি অঞ্চলত বেঁকী নদীৰ ভয়াবহ গৰাখহনীয়াই টোপনি কাঢ়িছে ৰাইজৰ । গৰাখহনীয়াৰ ফলত কলগাছিয়াৰ পৰা লাচাংগালৈ যোৱা গড়কাপ্তানী পথ নদীৰ বুকুত জাহ গৈছে । ফলত বন্ধ হৈ পৰিল কেইবাখনো গাঁৱৰ ৰাইজৰ যাতায়ত ব্যৱস্থা। 

‘‘মক্কালৈ বিধায়ক গ'ল হাজী হ'বলৈ, সাংসদ দিল্লীত আছে নেতা হ'বলৈ ৷ কিন্তু ৰাইজৰ দুখ কোনে বুজিব ! নৈৰ বুকুত ঘৰবাৰী, কৃষিভূমি জাহ গৈছে, খবৰ ল’বলৈ কাৰো আহৰি নাই ৷ আমি বাৰে বাৰে গড়কাপ্তানী পথচোৱা ৰক্ষাৰ বাবে বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকক অনুৰোধ কৰিছিলো ৷ কিন্তু কোনো গুৰুত্ব নিদিলে ৷ যাৰ বাবে গড়কাপ্তানী পথছোৱা নদীৰ বুকুত জাহ গ’ল ৷’’ এইদৰে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷   

লগতে পঢ়ক:Erosion at Kalgachia : ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্ত লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.