Bedabrata Deori wins Gold Medal: দিল্লীত জিলিকিল অসম সন্তান বেদব্ৰত দেউৰী

By

Published : Aug 3, 2023, 7:00 PM IST

thumbnail

ডিব্ৰুগড়,৩ আগষ্ট: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ ভাল খবৰ । দিল্লীৰ নাইডুত ২৭ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতা 2023 ত ডিব্ৰুগড়ৰ খেলুৱৈৰ সাফল্য । বেদব্ৰত দেউৰী নামৰ ১৬ বছৰীয়া খেলুৱৈজনে ৬২ কেজি শাখাত দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।  

যুৱ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বেদব্ৰতে স্নেটচটত ১২৪ কেজি ওজন দাঙি স্বৰ্ণ, ক্লীন আৰু জাৰ্কত ১৪৯ কেঃজি ওজন দাঙি ৰূপ আৰু সৰ্বমুঠ ২৭৩ কেঃজি ওজন দাঙি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ইতিমধ্যে এইগৰাকী সুযোগ্য খেলুৱৈয়ে কমনৱেলথ চেম্পিয়নশ্বিপ আৰু এছিয়ান চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।  

অৰুণ ভৰালীৰ দ্বিতীয় পুত্ৰ বেদব্ৰতৰ ঘৰ ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱত । এইগৰাকী খেলুৱৈৰ এনে সাফল্যই এতিয়া অসমৰ ক্ৰীড়া জগতলৈ আনন্দৰ বন্যা বোৱাইছে । ডিব্ৰুগড় জিলাৰ ৰাজ্যৰ ভিতৰতে শৈক্ষিক ক্ষেত্ৰতখনৰ লগতে ক্ৰীড়া ক্ষেত্ৰখনত সুনাম আছে তাৰেই যেন পুনৰ ধাৰাবাহিকতা ৰক্ষা কৰিলে বেদব্ৰত দেউৰীয়ে । 

লগতে পঢ়ক: Controversy in Chilarai Bhavan: চিলাৰায় ভৱন নিৰ্মাণত আৱণ্টিত পুঁজিক লৈ বিতৰ্ক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.