Wild elephant rescued: হোজাইত বন্যহস্তীৰ পোৱালি উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 12:53 PM IST

thumbnail

হোজাই, 2 নৱেম্বৰ : হোজাই জিলাৰ হাৱাইপুৰৰ সমীপৰ গুহাগাঁৱত বুধবাৰে এটা বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে হাতী পোৱালিটো উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷ জানিব পৰামতে, বুধবাৰে পুৱাৰ ভাগত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ এটা বৃহৎ দল ওলাই আহিছিল ৷ সেই দলটোৰ পৰাই হাতীৰ পোৱালিটো বিচ্ছিন্ন হৈ জনাঞ্চলত ৰৈ গৈছিল ৷ 

তাৰ পিচতে স্থানীয় লোকে ৫/৬ মহীয়া হাতীৰ পোৱালিটোক চাবলৈ ভিৰ কৰে যথেষ্ট সংখ্যক স্থানীয় লোকে। কোনোৱে যদি হাতেৰে স্পৰ্শ কৰিছে তেনেহ’লে কোনোৱে হাতীৰ পোৱালিটোক খাদ্য খুৱাইছে ৷ ইয়াৰ পিচতে সন্ধিয়া বন বিভাগৰ দলে হাতীৰ পোৱালিটোক চমজি লৈ বন্যহস্তীৰ দলটোৰ কাষত এৰি দিয়াৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : Youth attacks woman by liquor bottle: সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.