সোণাৰিৰ ৰাজপথত জ্বলিল ৰাজ্যৰ শিক্ষা পৰামৰ্শদাতা ননী গোপাল মহন্তৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:55 PM IST

thumbnail

ডিব্ৰুগড়, 23 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ শিক্ষা পৰামৰ্শদাতা, শিক্ষাবিদ ননী গোপাল মহন্তই ঐতিহাসিক ৰংঘৰক লৈ কৰা মন্তব্যৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ গুৱাহাটীৰ এখন আগশাৰীৰ বিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ননী গোপাল মহন্তই ৰংঘৰ মোগল সাম্ৰাজ্যৰ এম্ফিথিয়েটাৰ আছিল বুলি মন্তব্য কৰিছিল ৷

ইয়াৰ পাছতেই সোণাৰিৰ ৰাজপথত জ্বলিল ৰাজ্যৰ শিক্ষা পৰামৰ্শদাতা ননী গোপাল মহন্তৰ জুমুঠি ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতিক ঐতিহাসিক ৰংঘৰক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত জ্বলিল ননী গোপাল মহন্তৰ প্ৰতিকৃতি ৷

টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সোণাৰিৰ নামতোলা তিনিআলিত মহন্তৰ প্ৰতিমূৰ্তি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ভৱিষ্যতে অসমৰ ইতিহাস বিকৃত কৰা মন্তব্য নকৰিবলৈ শেষ সকীয়নি প্ৰদান কৰে টাইপাই ৷ 

লগতে পঢ়ক : কৰৰ বোজাৰে জনতাক টেঁটুচেপা চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.