পলাশবাৰী ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত ৰাজ্যপাল কাটাৰীয়া

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:50 PM IST

thumbnail

মিৰ্জা, ১১ ডিচেম্বৰ : সামৰণি পৰিল পলাশবাৰী ৰাস মহোৎসৱৰ ৷ পলাশবাৰীৰ এই ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । এইবেলি পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী ।

২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ৰাসস্থলীত প্ৰতিটো নিশাই অগণন দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছিল । দ্বাপৰ যুগৰ শাৰদীয় পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণই যমুনা নদীৰ পাৰত গোপীসকলৰ সৈতে ৰাসক্ৰীড়াত মত্ত হোৱা আৰু তেওঁৰ জীৱনৰ বিভিন্ন লীলাসমূহক এই ৰাস মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল । প্ৰায় দুই শতাধিক মৃন্ময় মূৰ্তি শিল্পীৰ হাতত জীৱন্ত ৰূপত প্ৰাণ পাই উঠে এই ৰাস মহোৎসৱত ।

আনহাতে, ৰাজ্যপালগৰাকীয়ে এনে এখন সংস্কৃতিবান দেশৰ নেতাৰ বাসগৃহত শ শ কোটি টকা উদ্ধাৰ হোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক : সৰুপথাৰত টাই নৱবৰ্ষ পয় পি মাউ 2118 উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.