Nalbari Raas Mahotsav : নলবাৰীত ৰাসৰ আখৰা উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মা

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:34 PM IST

thumbnail

নলবাৰী, ৩০ অক্টোবৰ : নলবাৰী হৰিমন্দিৰত আৰম্ভ হ’ল জীৱন্ত ৰাস আৰু ভাওনাৰ কৰ্মশালা ৷ ২৬ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ । সেয়ে আজি নলবাৰী হৰিমন্দিৰ প্ৰাংগণত প্ৰজ্ঞা নলবাৰীৰ উদ্যোগত জীৱন্ত ৰাস আৰু ভাওনাৰ কৰ্মশালা উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে উক্ত কৰ্মশালা উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা । উক্ত কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে পদ্মশ্ৰী যতীন গোস্বামীয়ে । তাৰোপৰি উক্ত কৰ্মশালাত কেবা শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থকাৰ লগতে কেবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা হৈছে প্ৰশিক্ষণ । আগন্তক ৰাস মহোৎসৱত বিভিন্ন পৰিকল্পনাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাসথলীক পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিবলৈ প্ৰয়াস কৰাৰ কথা সদৰী কৰে । ইপিনে এইবাৰ জীৱন্ত ৰাস, পুতলা নৃত্যৰ ৰাস আৰু মৃন্ময় মূৰ্তিৰ ৰাস নলবাৰীৰ ৰাস মহোৎসৱত প্ৰদৰ্শিত কৰা হ’ব ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.