ETV Bharat / state

Rass Leela in Majuli: মাজুলীত আৰম্ভ শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ আখৰা

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:11 PM IST

আজি লক্ষ্মী পূৰ্ণিমা ৷ ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ 56 খন মঞ্চ আৰু 12 খন সত্ৰ ৷ আজিৰ পৰা গকুল-মথুৰা বৃন্দাবনত পৰ্যবেশিত হ’ব মাজুলী ৷ বাঁহীৰ মধুৰ গুঞ্জনেৰে মূখৰিত মাজুলীৰ আকাশ-বতাহ ৷

Rass Leela in Majuli
আজিৰ পৰা মাজুলীত আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ আখৰা

আজিৰ পৰা মাজুলীত আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ আখৰা

মাজুলী, 28 অক্টোবৰ : আজি লক্ষ্মী পূৰ্ণিমা । শাৰদীয় ৰাস উৎসৱৰ মূৰ্চনাত বিলিন সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে আজিৰ পৰা মূখৰিত হ’ব নদী দ্বীপ মাজুলী । পৰম্পৰা অনুসৰি লক্ষ্মী পূৰ্ণিমাৰ পৰাই মাজুলীত আৰম্ভ হয় শিশু শ্ৰীকৃষ্ণৰ জন্ম লীলা পৰা মহাৰাসৰ আখৰা ৷ আজি মাজুলীৰ প্ৰায় 56 খন মঞ্চ আৰু 12 খন সত্ৰত ধৰ্মীয় পৰম্পৰা অনুসৰিয়ে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ নাটক মেলা হ’ব ৷

মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈছে ৰাস মহোৎসৱ । “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ৷’’ মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ উদুলি-মুদুলি । মাজুলীৰ অৰ্ন্তভাগত লহপহীয়া হোৱা সেউজীয়া গৰ্ভৱতী পথাৰে সজাল কুঁৱলীৰ ওৰনি টানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কঁহুৱা ফুলৰ নাচোনত বাংময় হৈছে মাজুলীৰ সৌন্দৰ্য । শুশোভিত মায়াময় পৰিৱেশ । সুষমা ৰূপে অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকক ।

পূৰ্বৰ দৰে এইবাৰো ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহ । আজি মাজুলীৰ ভিন্ন ঠাইত ৰাসৰ নাটক মেলা আৰম্ভ হৈছে । চলাইছে ৰাসৰ আখৰাৰ প্ৰস্তুতি । অক, বক ,কেশী, পুতনা, কংস বধৰ চলিব আখৰা ৷ সেয়ে ব্যতিক্ৰমী মাজুলীত শৰৎ কাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে ।

শৰতৰ স্নিগ্ধ জোনাক নিশা । পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালীৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান ৷ নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু ।

লগতে পঢ়ক:Elephant menace: ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে মাজুলীৰ গঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.