Syndicate in Assam: বিজেপিৰ সভাপতি ভৱেশ‌ কলিতাক অসমৰ ছিণ্ডিকেটৰ মহানায়ক আখ্যা কংগ্ৰেছৰ

By

Published : Jul 29, 2023, 4:54 PM IST

thumbnail

গুৱাহাটী, 29 জুলাই: অসমত চলি থকা সকলো ছিণ্ডিকেটৰাজৰ মহানায়ক হ’ল অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই ৷  

শনিবাৰে ৰাজীৱ ভৱনত সাংবাদিকসকলক সম্বোধন‌ কৰি অধ্যক্ষ ৰাতুল কলিতাই কয় যে অসমত এতিয়া ভৱেশ কলিতাৰ নেতৃত্বত ৰাজ্যত চলি আছে অবৈধ ছিণ্ডিকেট ৷‌ যাৰ বাবে ছিণ্ডিকেটৰ লগত জড়িত বিজেপিৰ নেতা পালিনেতাসকলৰ ৰক্ষণাবেক্ষণ দিয়া কাৰ্য অব্যাহত আছে ৷  

তেওঁ কয়, ‘‘শেহতীয়াকৈ চুপাৰী ছিণ্ডিকেটৰ লগত জড়িত জিতু দাস অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অতি ঘনিষ্ঠ । যাৰ বাবে আৰক্ষীয়ে জিতু দাসক গ্ৰেপ্তাৰ কৰিব পৰা নাই । বি জে পিৰ অ বি চি মৰ্চাৰ সভাপতি লাচিত গগৈ এতিয়া কাঠৰ ছিণ্ডিকেটৰ বাবে জেলত আছে । গৰু ছিণ্ডিকেটৰ লগত জড়িত থকা বি জে পিৰ নেতা চক্ৰধৰ গগৈও জে’লত আছে । মুঠতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো ছিণ্ডিকেট ভৱন আৰু ভৱেশ‌ কলিতা ছিণ্ডিকেটৰ সভাপতি ৷’’

লগতে পঢ়ক: BJP National Secretary: সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.