ETV Bharat / state

BJP National Secretary: সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব

author img

By

Published : Jul 29, 2023, 4:00 PM IST

লোকসভাৰ সাংসদ দিলীপ শইকীয়াক দলৰ কেন্দ্ৰীয় পদবীৰ পৰা আঁতৰাই ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দি অন্তৰ্ভুক্ত কৰা হ'ল কামাখ্যা প্ৰসাদ তাছাক । ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰোৱা হ'ল ফণীন্দ্ৰ নাথ শৰ্মাক । ফণীন্দ্ৰ নাথ শৰ্মাৰ স্থানত নিযুক্তি দিয়া হৈছে জি আৰ ৰবীন্দ্ৰ ৰাজুক । ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানাৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান । জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ লগতে ত্ৰিপুৰাৰ দায়িত্ব প্ৰদান ।

Etv Bharat
Etv Bharat

গুৱাহাটী,২৯ জুলাই: বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিত স্থান পালে অসমৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত ব্যাপক সালসলনি কৰা হৈছে । অসমৰ লোকসভাৰ সাংসদ দিলীপ শইকীয়াক দলৰ কেন্দ্ৰীয় পদবীৰ পৰা আঁতৰোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দি অন্তৰ্ভুক্ত কৰা হ'ল কামাখ্যা প্ৰসাদ তাছাক ।

BJP National Secretary
বিভিন্ন ৰাজ্যৰ ১৩গৰাকী নেতাক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব

সাংসদ দিলীপ শইকীয়া ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল । উল্লেখ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ ১৩গৰাকী নেতাক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ বিজয়া ৰাহতকৰ আৰু পংকজা মুণ্ডে, অন্ধ্ৰপ্ৰদেশৰ সত্যা কুমাৰ, দিল্লীৰ অৰবিন্দ মেনন, পাঞ্জাৱৰ নৰেন্দ্ৰ সিং ৰেইনা, ৰাজস্থানৰ অলকা গুজ্জৰ, পশ্চিমবংগৰ অনুপম হাজৰা, মধ্যপ্ৰদেশৰ ওমপ্ৰকাশ ধুবে, বিহাৰৰ শত্ৰুৰাজ সিনহা, ঝাৰখণ্ডৰ আশা লাকড়া, অসমৰ কামাখ্যা প্ৰসাদ তাছা, উত্তৰপ্ৰদেশৰ সুৰেন্দ্ৰ সিং নাগৰ আৰু কেৰালাৰ অনিল এণ্টনী ।

  • My congratulations to MP Shri @KamakhyaTasa on being appointed National Secretary of @BJP4India. A grassroots leader from the Tea Garden community, I am certain that his experience will give more strength towards BJP reaching the most needy. pic.twitter.com/lBVujUKK2L

    — Sarbananda Sonowal (@sarbanandsonwal) July 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে তৎপৰ হৈ পৰা শাসকীয় দল বিজেপিয়ে ৰাষ্ট্ৰীয় সমিতিত নতুনত্ব আনিছে । দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় সমিতিৰ সালসলনি ঘটোৱা হৈছে । ইফালে অসম ৰাজ্যিক বিজেপিৰ পদবীৰ ক্ষেত্ৰতো কেন্দ্ৰীয় নেতৃত্বই কিছু সালসলনি ঘটাইছে ।

সেই অনুসৰি ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰোৱা হ'ল ফণীন্দ্ৰ নাথ শৰ্মাক । ফণীন্দ্ৰ নাথ শৰ্মাৰ স্থানত নিযুক্তি দিয়া হৈছে জি আৰ ৰবীন্দ্ৰ ৰাজুক । আনহাতে ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানাৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে । জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ লগতে ত্ৰিপুৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰদান কৰিছে এই নিযুক্তি । উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দায়িত্ব লাভ কৰাৰ কামাখ্যা প্ৰসাদ তাছাক দলৰ ৰাজ্যিক নেতৃত্বই শুভেচ্ছা জ্ঞাপন কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে দায়িত্ব লাভ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সচিব হিচাবে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই স্থান লাভ কৰাত আনন্দিত হৈছোঁ । চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় নেতা হিচাপে তেখেতে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে । তেখেতৰ বৰ্ণাঢ্য অভিজ্ঞতা আৰু সমৰ্পিত সেৱাই দলৰ সাংগঠনিক শক্তি বিস্তাৰত সহায় কৰিব বুলি সোণোৱালে আশা প্ৰকাশ কৰে ।

লগতে তেওঁ কামাখ্যা প্ৰসাদ তাছাক তেখেতৰ এই নতুন কাৰ্যকালৰ বাবে আন্তৰিক শুভকামনা জনায় । সেইদৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিজেপিৰ নৱ ঘোষিত ৰাষ্ট্ৰীয় সমিতিত সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাৰ বাবে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক আন্তৰিক অভিনন্দন জনায় ।

লগতে পঢ়ক: BJP Chief JP Nadda: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি; নাড্ডাই ঘোষণা কৰিলে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.