টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন অসম দিৱস, প্ৰস্তুতিৰ বুজ লবলৈ টিংখাঙত উপস্থিত মন্ত্ৰী বিমল বড়া

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 12:33 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ : বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিত 2 ডিচেম্বৰত সমগ্ৰ অসমতে ছ্যু-কা-ফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ অসম চৰকাৰৰ উদ্যোগত টিংখাঙত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ছ্যু-কা-ফা দিৱস ৷

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসন, টাই আহোম ছাত্ৰ সন্থাৰ টিংখাং আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ 2 ডিচেম্বৰত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসম দিৱসৰ প্ৰস্তুতিৰ সন্দৰ্ভত বৃহস্পতিবাৰে বুজ ল’বলৈ টিংখাঙত উপস্থিত হয় মন্ত্ৰী বিমল বড়া ৷

লগতে পঢ়ক : সমাগত ছ্যু-কা-ফা দিৱস, চাওলুং ছ্যু-কা-ফা বৰ অসম সমন্বয় বঁ‌টা প্ৰদান হ’ব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.