APDCL: পুনৰ বিদ্যুত বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ

By

Published : Aug 5, 2023, 12:47 PM IST

thumbnail

মেৰাপানী,5 আগষ্ট: পুনৰ শক্তি বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ । ধুবুৰীৰ ঘটনাৰ পাচত মেৰাপানীত এইবাৰ এজন লোকে আক্ৰমণ কৰিলে শক্তি বিভাগৰ কৰ্মচাৰীক ৷ বিদ্যুৎ বিল বেছিকৈ অহা অভিযোগ তুলি লক্ষী শইকীয়া নামৰ গ্ৰাহকজনে প্ৰহাৰ কৰিলে চন্দন গগৈ নামৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ৷ মেৰাপানীৰ চিবাংপাৰত সংঘটিত হয় এই ঘটনা ৷  

জানিব পৰা মতে বিগত মাহৰ লক্ষী শইকীয়া নামৰ গ্ৰাহকজনৰ বিদ্যুৎ বিল আহিছিল 400 টকা ৷ আনহাতে উক্ত গাঁৱখনত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ গৈছিল চন্দন গগৈয়ে ৷ তাৰ পাচতে গ্ৰাহক লক্ষী শইকীয়াই কিয় বেছিকৈ বিদ্যুৎ মাছুল বেছিকৈ আহিছে বুলি প্ৰশ্ন কৰিছিল গগৈক ৷  ক্ষোভিত হৈ লক্ষী শইকীয়াই প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী চন্দনক । ফলত গুৰুতৰভাৱে আহত হৈছে চন্দন গগৈ ৷ ইফালে লক্ষী শইকীয়াৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত গোচৰ তৰে গোলাঘাট বিদ্যুৎ বিভাগে । ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত লক্ষী শইকীয়াক ৷

লগতে পঢ়ক:Fake Calls to Ambulance Service: ১০৮ মৃত্যুঞ্জয় সেৱাক লৈ একাংশৰ ল'ৰা ধেমালি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.