Fake Calls to Ambulance Service: ১০৮ মৃত্যুঞ্জয় সেৱাক লৈ একাংশৰ ল'ৰা ধেমালি

By

Published : Aug 3, 2023, 4:42 PM IST

thumbnail

তিতাবৰ,3 আগষ্ট: জৰুৰীকালীন সেৱাত দুৰ্বৃত্তই জন্মাইছে ব্যাঘাত ৷ দুৰ্ঘটনাজনিত ঘটনা, অসহায় ৰোগী আৰু জৰুৰীকালীন অৱস্থাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা ১০৮ মৃত্যুঞ্জয় সেৱাক লৈ একাংশ দুৰ্বৃত্তই কৰিছে ল'ৰা ধেমালী ৷ দিনে নিশাই ভূৱা তথ্যৰে ফোন কৰি কোনোবা দুষ্ট বুদ্ধিৰ লোকে ব্যতিব্যস্ত কৰিছে ১০৮ মৃত্যুঞ্জয়ৰ চালকক ৷ বৃহস্পতিবাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে গোলাঘাট-ফৰকাটিং, মেৰাপানীত থকা মৃত্যুঞ্জয় সেৱাৰ চালকৰ ক্ষেত্ৰত ৷

জানিব পৰা মতে 94766-90679 নম্বৰৰ পৰা কোনো দুষ্টই ফোন কৰি স্থানীয় চিকিৎসালয়ত জৰুৰীকালীন ৰোগী থকা বুলি ভূৱা তথ্য প্ৰদান কৰে ৷ কিন্তু বাহনখন উক্ত স্থানত উপস্থিত হোৱাৰ পাচতে ম'বাইল ফোন বন্ধ কৰি ৰাখে। ফলত এম্বুলেন্সৰ চালকে চিকিৎসালয়ত ৰোগী বিচাৰি হাহাকাৰ কৰে যদিও কোনো তথ্য লাভ নকৰে। দিনে নিশাই এনে ভূৱা ফোন ক'ল কৰি ব্যতিব্যস্ত কৰা লোকৰ বিৰুদ্ধে সৰৱ হ’ল ভুক্তভোগী ১০৮ কৰ্মচাৰী।

লগতে পঢ়ক:ED and Income Tax Raid update: চুপাৰি মাফিয়া বাবলুৰ বাসগৃহত আয়কৰ বিভাগৰ আৰু ED ৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.