Scam in water supply scheme: জাঁজী নদীত উটি গ’ল কোটি টকীয়া পানী উত্তোলনৰ পাম্প

By

Published : Aug 13, 2023, 8:09 PM IST

thumbnail

যোৰহাট, ১৩ আগষ্ট: মৰিয়নিত পানী যোগান আঁচনি ৰূপায়নৰ নামত লুন্ঠন । ফলত জাঁজী নদীত উটি গ’ল কোটি টকীয়া পানী উত্তোলনৰ পাম্প । মৰিয়নিৰ চেলেংহাটত ৩৮ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা গ্ৰেটাৰ লাহিং পানী যোগান আঁচনিৰ এটা কোটি টকীয়া পাম্প জাঁজী নদীত উটি যোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

উল্লেখ্য় যে দুবছৰ পূৰ্বে স্থাপন কৰা এই পানী যোগান আঁচনিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ল যদিও কাৰিকৰী বিসংগতিৰ বাবেই আঁচনিখনে ৰাইজক পানী যোগান ধৰিব পৰা নাই । আনহাতে,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পদুমনিত স্থাপন কৰা গ্ৰেটাৰ লাহিং পানী যোগান আঁচনিখন ৰূপায়নৰ নামত বিভাগীয় ঠিকাদাৰ, অভিযন্তাই ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ।

বিভাগীয় ঠিকাদাৰ আৰু অভিযন্তাৰ চৰম অনিয়ম আৰু লুন্ঠনৰ বাবেই জাঁজী নদীৰ বাঢ়নী পানীতে পাম্পটো উটি যায় । স্থানীয় দল-সংগঠনে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে বিভাগীয় ঠিকাদাৰ,অভিযন্তাৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে । 

অন্যথা আছু, কৃষক মুক্তিকে ধৰি দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে । মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অদূৰদৰ্শীতাৰ বাবে মৰিয়নি সমষ্টিৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পত ব্যাপক অনিয়ম আৰু দুনীৰ্তি হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।

লগতে পঢ়ক:Azadi Ka Amrit Mahotsav: গুৱাহাটীত বীৰ শ্বহীদৰ স্মৃতিত CRPFৰ বাইক ৰেলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.