Azadi Ka Amrit Mahotsav: গুৱাহাটীত বীৰ শ্বহীদৰ স্মৃতিত CRPFৰ বাইক ৰেলি

By

Published : Aug 13, 2023, 6:23 PM IST

thumbnail

গুৱাহাটী, ১৩ আগষ্ট: আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটীৰ নুনমাটিস্থিত 128 BN CRPF কেম্পত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান । 'হৰ ঘৰ ত্ৰিৰংগা'ক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে দেওবাৰে পুৱাই নুনমাটি 128BN CRPF কেম্পৰ পৰা ফাঁচী বজাৰৰ লাচিত ঘাটলৈ উলিওৱা হয় বাইক ৰেলি ।

ইপিনে,"মেৰী মাটি মেৰা দেশ" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদৰ পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানটোত 128 BN CRPF বেতেলিয়ান কেম্পৰ কমাণ্ডেণ্ট বিনয় ছেত্ৰীৰ উপস্থিত থাকে ।

উক্ত অনুষ্ঠানতেই ১৯৮০ চনৰ ২৬ এপ্ৰিলত মণিপুৰত কুকি উগ্ৰবাদী সংগঠনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হোৱা বীৰ শ্বহীদ আৰ এ হাজৰিকা আৰু ২০১৬ চনৰ ১৯ জুনত বিহাৰৰ ঔৰঙাবাদত মাওবাদী সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা অপূৰ্ব ডেকাৰ পৰিয়ালক জ্ঞাপন কৰা হয় বিশেষ সম্বৰ্ধনা ।

লগতে পঢ়ক:77 th Independence day : সমাগত স্বাধীনতা দিৱসৰ বাবে মাজুলীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.