MGNREGA scam: চৰকাৰী চাকৰি কৰি থকা মহিলাৰ নামতো জৱ কার্ড ! কোনে লুটিছে চৰকাৰী ধন

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:08 PM IST

thumbnail

চামগুৰি,14 ছেপ্টেম্বৰ: চামগুৰিৰ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত উদমাৰী গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি চৰকাৰী চাকৰি কৰি থকা মহিলাৰ নামতো জৱ কার্ড তৈয়াৰ কৰি পঞ্চায়তটোৰ জি.আৰ.এছ দীপক কলিতাই চলাই গৈছে লুণ্ঠন । বাসন্তী ৰাভা বসুমতাৰী নামৰ অংগনবাড়ী কৰ্মী গৰাকীৰ নামত কাম নকৰাকৈ কাম কৰা দেখুৱাই এনেদৰে এমজিএনৰেগাৰ ধন লুণ্ঠন কৰা তথ্য পোহৰলৈ আনিছে সাংবাদিকে ৷

সমগ্ৰ অভিযোগক নস্যাৎ কৰিলে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী বাসন্তী ৰাভা বসুমতাৰীয়ে । আন এক অভিযোগ অনুসৰি উদমাৰী পঞ্চায়তত প্ৰায় দুশখন ভুৱা জৱ কাৰ্ড বনাই চৰকাৰী ধন শৰাধ কৰাৰ অভিযোগ উঠিছে একাংশ উন্নয়ন খণ্ডৰ বিষয়া, পঞ্চায়তৰ কৰ্মচাৰীৰ বিৰুদ্ধে । দৰিদ্ৰ লোকে কামৰ বিনিময়ত পাব লগা ধন উদমাৰী পঞ্চায়তত কোনোবা চাকৰিয়াল, কোনোবা ধনী লোকৰ নামত ভুৱাকৈ জৱ কাৰ্ড বনাই লুণ্ঠনৰাজ চলাই আহাৰ অভিযোগ ৷ আনকি কোনো কাম নকৰাকৈয়ে এমজিএনৰেগাৰ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে জি.আৰ.এছ গৰাকীৰ বিৰুদ্ধে ৷ 

লগতে পঢ়ক:Misbehave with HIV infected patient:চিকিৎসকৰ বিৰুদ্ধে HIV আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.