ETV Bharat / state

Misbehave with HIV infected patient:চিকিৎসকৰ বিৰুদ্ধে HIV আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:31 PM IST

Nagaon Medical College
HIV আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

নগাঁও মেডিকেল কলেজৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । এগৰাকী HIV আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

HIV আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

নগাঁও , 12 ছেপ্টেম্বৰ : এগৰাকী এইচ আই ভি আক্ৰান্ত ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে চিকিৎসকৰ বিৰুদ্ধে । সন্তান প্ৰসৱ কৰা এইচ আই ভি পজিটিভ প্ৰসূতিক চিকিৎসালয়ৰ মজিয়াতে দিয়া হ’ল থাকিবলৈ । ঘটনাৰ খবৰ পায়েই মেডিকেল কলেজত উপস্থিত হৈ তদন্তৰ দাবী তৃণমূল কংগ্ৰেছৰ ।

নৱনির্মিত নগাঁও মেডিকেল কলেজত মাত্ৰ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ MBBS ৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ পিচতেই চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । কালি নিশা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি কক্ষত সন্তান প্ৰসৱৰ বাবে ভৰ্তি হয় এগৰাকী গৰ্ভৱতী মহিলা । কিন্তু মহিলাগৰাকীৰ তেজ পৰীক্ষা কৰোতে মহিলা গৰাকী এইচ আই ভি পজিটিভ বুলি অৱগত হয় চিকিৎসালয়খনৰ চিকিৎসক ।

অৱশ্যে এই সন্দৰ্ভত মহিলাগৰাকীৰ লগতে পৰিয়ালৰ কোনো লোকেই অৱগত কৰা নাছিল চিকিৎসকক । যাৰ বাবেই মহিলাগৰাকীৰ ওপৰত খড়্গহস্ত হৈ পৰে চিকিৎসক আৰু চিকিৎসা কৰ্মী । কিন্তু এইচ আই ভি আক্ৰান্ত হোৱাৰ বাবেই প্ৰসূতি গৰাকীক চিকিৎসকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোকে । আনকি থাকিবলৈ এখন বিছনা দিয়াৰ পৰিৱৰ্তে চিকিৎসালয়ৰ মজিয়াতে প্ৰসূতিগৰাকীক থাকিবলৈ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

এইচ আই ভি আক্ৰান্ত হোৱাৰ বাবেই এগৰাকী মহিলাক চিকিৎসকে দুৰ্ব্যৱহাৰ কৰা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । এইচ আই ভি আক্রান্ত প্ৰসূতিক চিকিৎসকে দুৰ্ব্যৱহাৰ কৰাৰ খবৰ লাভ কৰিয়েই নগাঁও চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ এটা প্ৰতিনিধি দল । তৃণমূল কংগ্ৰেছৰ নেতা ময়ূৰ বৰাৰ নেতৃত্বত যোৱা দলটোৱে এইচ আই ভি আক্ৰান্ত প্ৰসূতি গৰাকীক চিকিৎসকে দুৰ্ব্যৱহাৰ কৰা ঘটনাৰ তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ।

লগতে পঢ়ক : MBBS Course 2023: নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী

MBBS course in 2023 : শুকুৰবাৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত MBBS ৰ পাঠ্যক্ৰম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.