MBBS Course 2023: নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:05 PM IST

thumbnail

নগাঁও, 1ছেপ্টেম্বৰ: পহিলা ছেপ্টেম্বৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ল ৰাজ্যৰ 12 খন মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম । ইয়াৰে নতুনকৈ স্থাপিত 3 খনকৈ চিকিৎসা মহাবিদ্যালয়ৰো পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় শুকুৰবাৰ পৰাই । নগাঁও ম'হখুলিস্থিত নগাঁও মেডিকেলত উপস্থিত থাকি MBBS ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । 

নগাঁও মেডিকেল কলেজত 100 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নগাঁও মেডিকেল কলেজত MBBS ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বহু বিষয়া ৷

অনুষ্ঠানত শিক্ষাৰ্থীসকলক শপত বাক্য পাঠ কৰোৱা হয় ৷

লগতে পঢ়ক: Ajp slams state BJP president: ভৱেশ কলিতাক অস্তিত্বহীন সজালে দুলু আহমেদে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.