ETV Bharat / state

MBBS course in 2023 : শুকুৰবাৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত MBBS ৰ পাঠ্যক্ৰম আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:30 PM IST

Updated : Aug 31, 2023, 7:31 PM IST

উৎফুল্লিত NEET উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী । নগাঁৱৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ লাভ কৰিছে নতুনকৈ স্থাপিত নগাঁও মেডিকেল কলেজত । 1 ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ লগতে ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠ্যক্ৰম । নগাঁৱত নতুন মেডিকেল কলেজৰ পাঠ্যক্ৰম শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

MBBS course in 2023
উৎফুল্লিত NEET উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী

উৎফুল্লিত NEET উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী

নগাঁও, 31 আগষ্ট : নগাঁৱৰ অৰ্ণৱ কলিতা, ফাৰহানা ছাহিন, ৰিজোৱানা য়েছমিনৰ মুখত এতিয়া হাঁহি ৷ বৈছে আনন্দৰ বন্যা । হাঁহিৰ কাৰণ আন একো নহয় । NEET উত্তীৰ্ণ হৈ নিজ জন্ম স্থানতে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ সুযোগ লাভ কৰিছে অৰ্ণৱ কলিতা, ফাৰহানা ছাহিন, ৰিজোৱানা য়েছমিনৰ লগতে বহু কেইগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে । অহা 1 ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰম্ভ হ’ব ।

নতুনকৈ স্থাপিত নগাঁও মহাবিদ্যালয়তো অধ্যয়নৰ বাবে নগাঁৱৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালৰ লোকক লগত লৈ উপস্থিত হৈ বুজ লৈছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ থকা-খোৱাৰ সা-সুবিধাবোৰ । নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ MBBS ৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী হিচাপে নিজকে লৈ গৌৰৱাম্বিত ছাত্ৰ-ছাত্ৰী ।

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকৰাঝাৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয়তো অহা 1 ছেপ্টেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম । অহা 1 ছেপ্টেম্বৰত নগাঁও চিকিৎসা মহাবিদ্যালয়তে নতুনকৈ পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ নতুন তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ মুঠ 12 খনকৈ চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম আৰম্ভণিৰ বাবে তৎপৰ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইয়ো নিজে নতুনকৈ নৱ প্ৰতিষ্ঠিত চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ । 1 ছেপ্টেম্বৰৰ পৰা পাঠ্যক্ৰম আৰম্ভ হ’বলগীয়া নগাঁও মেডিকেল কলেজত ইতিমধ্যেই আৰম্ভ হৈছে প্ৰায় প্ৰতিটো বিভাগৰ চিকিৎসা সেৱাও ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালৰ দুটা বছৰতে ৰাজ্যত নতুনকৈ তিনিখনকৈ মেডিকেল কলেজৰ চিকিৎসা সেৱাৰ লগতে পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে প্ৰস্তুতিও সম্পন্ন কৰি তুলিছে স্বাস্থ্য বিভাগে । নগঞা মন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালতে এখন চিকিৎসা মহাবিদ্যালয় লাভ কৰি উৎফুল্লিত নগাঁওবাসী ।

লগতে পঢ়ক : Gateway of Assam : নৰ্থব্ৰুক গেট ‘‘গেটৱে’ অৱ আসাম’’ৰ ইতিহাস

Last Updated : Aug 31, 2023, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.