Protest At Raha: কেইবাটাও দাবীৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদী সমদল

By

Published : Mar 28, 2023, 7:12 PM IST

thumbnail

ৰহা, 28 মাৰ্চ: প্ৰতিবাদী সমদেলেৰে উত্তাল ৰহা (Protest At Raha) ৷ মঙলবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰহা সমিতিৰ উদ্যোগত কেইবাটাও দাবীৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই সংগঠনটোৱে (All Assam Progressive Women Association) ৷ বিচাৰাধীন নাৰী হত্যা, ধৰ্ষণ আদি গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তিকৰণ, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা, ঋণগ্ৰস্ত মহিলাক NOC দিয়া, বাল্যবিবাহৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলত সজাগতাৰ সৃষ্টি কৰা আৰু আত্মসহায়ক গোটক দহ লাখলৈ টকা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদী সমদল উলিওৱা হয় (All Assam Progressive Women Association at Raha)৷ 

প্ৰতিবাদী সমদলটোৱে বিভিন্ন শ্ল'গানেৰে ৰহা চহৰ পৰিভ্ৰমণ কৰি উত্তাল কৰি তোলে ৰহাৰ ৰাজপথ ৷ ইয়াৰ পিচতে প্ৰতিবাদী মহিলাসকলে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে পাঁচ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ লগতে শীঘ্ৰে এই দাবীসমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় ৷

লগতে পঢ়ক: Ragging at Sainik School : গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.