ETV Bharat / state

Ragging at Sainik School : গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

author img

By

Published : Mar 28, 2023, 2:20 PM IST

Ragging at Sainik School
গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত সৈনিক স্কুলৰ কেইবাগৰাকী কনিষ্ঠ ছাত্ৰ আহত হোৱাৰ অভিযোগ উঠিছে (Ragging at Sainik School Goalpara)। আৰক্ষী সঞ্চালক প্ৰধানক এজাহাৰ ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ । মৰনৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

গোৱালপাৰা,২৮ মাৰ্চ : ৰাজ্যত পুনৰ ৰেগিং কাণ্ড (Ragging in Assam)। এইবাৰৰ স্থান গোৱালপাৰাৰ সৈনিক স্কুল । বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰ কেইবাজনো কনিষ্ঠ আহত হোৱাৰ অভিযোগ উঠিছে । ইতিমধ্যে ভুক্তভোগী ছাত্ৰৰ অভিভাৱকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত গোচৰ ৰুজু কৰিছে । মৰনৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

গোৱালপাৰা জিলাৰ মৰনৈস্থিত সৈনিক স্কুলত সংঘটিত হোৱা ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে, জ্যেষ্ঠ ছাত্ৰই একাংশ কণিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত প্ৰহাৰ কৰিছে (Student attacks Juniors in Sainik School)। লগতে ছাত্ৰসকলক মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ কৰিছে অভিভাৱকসকলে । ঘটনাটোৰ বিষয়ে অভিভাৱকে গম পোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে অভিভাৱকসকলে ।

Ragging at Sainik School
গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

এই অভিযোগৰ ভিত্তিত আৰক্ষী সঞ্চালক প্ৰধানে গোৱালপাৰা জিলা আৰক্ষীক বিষয়টো তদন্তৰ নিৰ্দেশ দিছে । নিৰ্দেশ পোৱাৰ লগে লগে মৰনৈ আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ ২৬/২০২৩ ইউ এছ ৩২৫/৩৪২/৩৪ আই পি চি, ২৩ জে জে এক্ট, ৪ এ পি আৰ এক্টত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে চলা মৰনৈৰ সৈনিক স্কুলৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানত ৰেগিঙৰ অভিযোগ উঠাৰ লগে লগে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Goalpara Sainik School ragging)। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, দল-সংগঠন আৰু সচেতন মহলে ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে । অৱশ্যে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ দিয়া নাই ।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আদিত ৰেগিঙৰ দৰে অপসংস্কৃতি এতিয়াও অব্যাহত আছে । অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা দিছে যদিও এই অপসংস্কৃতি বন্ধ হোৱা নাই । শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছিল (DU ragging case)। কিন্তু এইবাৰ গোৱালপাৰাৰ সৈনিক স্কুলৰ দৰে কঠোৰ অনুশাসনৰ মাজেৰে চলা বিদ্যালয়ত ৰেগিং কাণ্ড সংঘটিত হোৱাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Ganja seized in Guwahati: মহানগৰীৰ ISBT ত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.